বজ্রপৰি এগৰাকী ৫৫ বছৰীয়া লোকৰ মৃত্যু
মৰিগাওঁ জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ঠেংখালি গাঁৱৰ হাৰুণ আলী নামৰ ব্যক্তিজন আজি পথাৰত কাম কৰিবলৈ যায় আৰু কাম কৰি পথাৰৰ এটা জুপুৰি ঘৰত জিৰণি লোৱাৰ সময়তেই প্ৰচণ্ড ঢেৰেকণি পৰি সম্পূৰ্ণ ঘৰখন জ্বলি যায় আৰু মানুহ জনো থিতাতে মৃত্যু হয়।*
ওচৰত থকা লোকে গম পাই আৰু ততাতৈয়াকৈ মিকিৰভেটা আৰক্ষী থানাত অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাওঁ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
সম্প্ৰতি ঠেংখালি গাঁৱত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। গাঁৱৰ সকলো মৰ্মাহত হৈ পৰাওঁ পৰিলক্ষিত হয়। আৰু ইফালে হাৰুণ আলীয়ে পত্নীসহ ৫ জনী ছোৱালী ইহসংসাৰত এৰি থৈ যায়।
পৰিয়ালটো পোহপাল দিয়া ব্যক্তিজনেই আছিল হাৰুণ আলী। উপাৰ্জন কৰা ব্যক্তিজনৰ এনেকুৱা অকাম্যভাৱে মৃত্যু হোৱাত পৰিয়ালৰ লোক শোঁকত ভাগি পৰে। আৰু অসম চৰকাৰ তথা স্থানীয় বিধায়ক শ্ৰী ৰমাকান্ত দেউৰীক কিবা সহায় কৰিবলৈ কাতৰ আহব্বান জনায়।