এক ভয়ংকৰ ঘটনাই জোকাৰিছে লখিমপুৰ।

0

এক ভয়ংকৰ ঘটনাই জোকাৰিছে লখিমপুৰ।

লখিমপুৰৰ বৰবছাত চাঞ্চল্যকৰ হত্যাকাণ্ড।

পত্নীক হত্যা কৰি নিজেও চৰমপন্থা ল’লে এজন আৰক্ষী কনিষ্টবলে।

লখিমপুৰৰ প্ৰায় সকলোৰে চিনাকি আৰক্ষী কনিষ্টবল বসন্ত শইকীয়াই সংঘটিত কৰিলে এনে ভয়ানক ঘটনা।

গৃহ কন্দলৰ পৰিণতিতে বসন্ত শইকীয়াই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ।

লখিমপুৰ আৰক্ষীৰ এগৰাকী প্ৰতিভাৱান কনিষ্টবল আছিল বসন্ত শইকীয়া।

এগৰাকী সুদক্ষ কেৰাটে খেলুৱৈ আছিল আৰক্ষী কনিষ্টবল জন।

লখিমপুৰৰ বিভিন্ন থানাৰ লগতে দীৰ্ঘদিন ট্ৰেফিক ব্ৰাঞ্চতো কৰ্মৰত আছিল বসন্ত শইকীয়া।

কিছুদিন ধৰি তেওঁ কৰ্মৰত হৈ আছিল লখিমপুৰ PI কৰ্টত।

ঘটনাস্থলীত লখিমপুৰ সদৰ আৰক্ষীৰ এটি দল উপস্থিত হৈ জব্দ কৰিছে দা খন।

সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.