কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ ।
কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ । অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে নাথ যোগী জনগোষ্ঠীৰ জনজাতিকৰনৰ আবেদন কৰা নাই বুলি শৰৎকালীন অধিবেশনত প্ৰকাশ কৰাত ক্ষোভিত । জনজাতিকৰন নাথ যোগী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী । কোকৰাঝাৰ চহৰৰ মাজ মজিয়াত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ। অহা চাৰি তাৰিখে লক্ষীমপুৰত অনুষ্ঠিত হবলগা অসম কেবিনেট বৈঠকত নাথ যোগীৰ জনজাতিকৰনৰ বিষয়টো উত্তাপন কৰা দাবী। নাথ যোগীৰ এই সমস্যা সমাধান কৰি নিদিলে অসম বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ আদি আন্দোলনৰ হুংকাৰ।মন্ত্ৰীৰ পুত্তলিকা দাহ কৰা পিছতো আধা ঘণ্টা ধৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা ফলত যানযঁট সৃষ্টি।অৱশেষত প্ৰতিবাদকাৰীক আটক কোকৰাঝাৰ আৰক্ষীৰ ।