বিশ্বনাথৰ সাধাৰু খেল পথাৰত কৃতী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান
বিশ্বনাথৰ সাধাৰু খেল পথাৰত কৃতী ছাত্র-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান
অভিনন্দন অনুষ্ঠানটিৰ সৈতে মুকলি ঝুমইৰ হৈ যায়
বিশ্বনাথৰ সাধাৰু খেলপথাৰত অনুষ্ঠািত হোৱা মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠানত দেওবাৰে সন্ধ্যা ৭ বজাত উপস্থিত হয় স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷ অসম চাহ জনগোষ্ঠী ছাত্র সন্থা সাধাৰু প্ৰাথমিক গোটৰ উদ্যোগত সাধাৰু চাহ মজদুৰ সংঘ, সাধাৰু ৰাইজৰ সহযোগত সাধাৰু খেল পথাৰত অনুস্থিত হোৱা কৃতী ছাত্র – ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান ৷
অভিনন্দন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি ঝুমুইৰ অনুষ্ঠান আয়োজন কৰা হয়।
কাৰ্যসূচী অনুসৰি পোৱা পতাকা উত্তোলন, স্বহীদ তৰ্পণ অনুষ্ঠান কৰাৰ পিচতে কৃতী ছাত্র -ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান হয়। এই অনুষ্ঠানত গধুলি ভাগত মুকলি ঝুমুইৰ প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে আটছা কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বাৰাইকে । আমন্ত্ৰিত বিশিষ্ট অতিথি ৰূপত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে অ বি চি ৰাজ্যিক কমিছনাৰ উপাধক্ষ ড° ৰঞ্জন গগৈ, সমাজসেৱক প্ৰেমলাল গঞ্জু, ড° কল্প কিশোৰ হাজৰীকা, দিগন্ত ঘাটোৱাৰ, সহিতে বহু গণ্যমান্য ব্যক্তি আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, আটছা জিলা সভাপতি ধীৰাজ তাঁতী, আদিৰ উপস্থিতিত জিলা ভিত্তিত ১৬ টা ঝুমুইৰ দলে অংশ গ্ৰহণ কৰিছে।