মৈৰাবাৰীত চুৰক মালা পিন্ধাই ৰাইজে দুই গভাইট চুৰক গতালে আৰক্ষীক।

0

মৈৰাবাৰীত চুৰক মালা পিন্ধাই ৰাইজে দুই গভাইট চুৰক গতালে আৰক্ষীক। অঞ্চলটোৰ বিভিন্ন ঠাইত
বহু দিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি অহা দুই গভাইত চোৰক ৰাইজে দৌৰাই ধৰি বান্ধি ফুলৰ মালা পিন্ধাই গতালে আৰক্ষীক। চুৰ দুটাৰ নাম আইজুল হক আৰু মুস্তাক আহমেদ। আনহাতে চোৰকেইটাৰ স্বীকাৰোক্তিত ইচৰাফিল আলী নামৰ আন এটা চোৰক দুৰাবান্ধী গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে। চোৰকেইটাই ৰাতি মানুহৰ ঘৰে ঘৰে গৈ ই-ৰিক্সাৰ বেটাৰী, হাহ-কুকুৰা, চাইকেল ,ঘৰৰ মূল্যৱান সামগ্ৰী ইত্যাদি চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে। দলৈগাওঁ অঞ্চলটোত ৰাতি হলেই এই কেইটা চোৰে চুৰি কৰিবলৈ আৰম্ভ কৰে। অতিষ্ঠ হোৱা ৰাইজে আজি পুৱাতে চোৰকেইটাক ধৰি বাহ জোপাতে বান্ধি ফুলৰ মালা পিন্ধাই আৰক্ষীক চমজাই দিয়ে।

Leave A Reply

Your email address will not be published.