তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্য বিষক্ৰিয়া হৈ ৪৫ জনৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ অসুস্থ।
তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্য বিষক্ৰিয়া হৈ ৪৫ জনৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ অসুস্থ।ছাত্ৰ আবাসত পুৱাৰ ভাগত আহাৰত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ছাত্ৰ কেইজন।
ছাত্ৰ কেইজনক ততাতৈয়াকৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয়।
খাদ্য বিষক্ৰিয়া সবিশেষ কাৰণ জানিবলৈ পৰা হোৱা নাই যদিও পুৱাৰ অহাৰত মাছ আৰু খৰিচা টেঙা খোৱা ফলত খাদ্য বিষক্ৰিয়া হোৱা সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয় খনৰ কৰ্তৃপক্ষই।
বৰ্তমান ছাত্ৰ কেইজনক চিকিৎসা প্ৰদান কৰি থকা হৈছে।