২০০৭ চনতে আৰম্ভ হোৱা দেশৰ আগশাৰীৰ একমাত্ৰ পেচাদাৰী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা
২০০৭ চনতে আৰম্ভ হোৱা দেশৰ আগশাৰীৰ একমাত্ৰ পেচাদাৰী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা
I League ৰ এইবাৰ তৃতীয় সংস্কৰণ। ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ বাবে সুনিপুন ফুটবল যোদ্ধা সৃষ্টি কৰাই হৈছে I League ৰ প্ৰধান উদ্দেশ্য।
ডিফুৰ KASA Stadium ত মঙলবাৰৰ পৰা আৰম্ভ হৈছে I League 3 ৰ D Group ৰ খেলসমূহ। হাৰিয়ানাৰ Bhuna FC আৰু ৰাজস্থানৰ Jaipur Elite FC ৰ মাজত অনুষ্ঠিত প্ৰথমখন খেল ড্ৰ হয়।
অসমৰ Morning Star FC আৰু Mumbai Kenkre FC ৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন খেল আছিল তীব্ৰ উত্তেজনাপূৰ্ণ।
খেলৰ আৰম্ভণিতে Mumbai দলে ১-০ গলৰ ব্যৱধান লাভ কৰিছিল যদিও প্ৰথমাৰ্ধতে Moring Star দলে ৩-১ গলৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধ গলশূন্য ৰূপে সমাপ্তি পৰাত স্থানীয় দলটোৱে ৩-১ গলৰ ব্যৱধানত বিজয়ী হয়। ঘৰুৱা দলটোৱে সুন্দৰ খেল প্ৰদৰ্শন কৰে।