কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস উইকেৰ ডিগবৈ ৰিফাইনেৰী ভ্ৰমণl

0

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস উইকেৰ ডিগবৈ ৰিফাইনেৰী ভ্ৰমণ।

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস উইকেই কালি ঐতিহাসিক ডিগবৈ শোধনাগাৰ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক পৰম্পৰাগতভাৱে উস্ম আদৰণি জনাই ডিগবৈ শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰৰ মুৰব্বী শ্ৰী অজয় ​​কায়লাই। ডিগবৈ শোধনাগাৰৰ কাম-কাজৰ সন্দৰ্ভত নিগমটোৰ মুখ্য মহাপ্ৰবন্ধক ধনজিৎ বৈশ্যই উপস্থাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী উইকেয়ে ডিগবৈ শোধনাগাৰৰ উপস্থাপন আৰু সামাজিক দ্বায়বদ্ধতা আঁচনিৰ অধীনত চলি থকা কামৰ শলাগ লয়। লগতে পৌৰাণিক কাহিনী আৰু ভাৰতীয় দৰ্শনৰ উদাহৰণ দি বক্তব্য প্ৰদান কৰে। ভাৰতীয় তেল নিগমৰ ডিগবৈ শোধনাগাৰৰ ফ্লেগশ্বিপ প্ৰজেক্ট অসম অইল নাৰ্চিং কলেজ এণ্ড স্কুলৰ হিতাধিকাৰী কন্যা ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি চি এছ আৰৰ অধীনত আৰ্থিকভাৱে পিছপৰা লোকসকলক আগবঢ়োৱা শিক্ষা তথা স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উপৰিও ডিগবৈ শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে শুভেচ্ছা জনায়। অনুষ্ঠানত তিনিচুকীয়া জিলাৰ প্ৰশাসনিক বিষয়া গৌৰৱ ভৰিল, মন্দিৰা বৰুৱা, পবিত্ৰ কুমাৰ দাস আৰু নিগমটোৰ সমূহ মহাপ্ৰৱন্ধক, উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.