নাহৰকটীয়া আঞ্চলিক সমিতি উদ্যোগত আৰু মিস্ত্ৰী সন্থাৰ সহযোগত অৱস্থান ধৰ্মঘট পালনl
নাহৰকটীয়া ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জাতীয় শ্ৰমিক পৰিষদ, নাহৰকটীয়া আঞ্চলিক সমিতি উদ্যোগত আৰু মিস্ত্ৰী সন্থাৰ সহযোগত অৱস্থান ধৰ্মঘট পালন । আজি ইংৰাজী ০৭/০৯/২৪ তাৰিখ শনিবাৰে নাহৰকটীয়া নগৰৰ প্ৰধান পথৰ কাষত তিনিটা দাবীত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জাতীয় শ্ৰমিক পৰিষদ, নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া মিস্ত্ৰী সন্থাৰ সহযোগত অৱস্থান ধৰ্মঘট পালন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সহ বহু সংখ্যক ৰাইজ এই অৱস্থান ধৰ্মঘট ত অংশগ্ৰহণ কৰে।
তিনিটা দাবীত অৱস্থান ধৰ্মঘট ক্ৰমে :-:(১) বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ নিৰ্মাণ ত ঠিকাদাৰি প্ৰতিষ্ঠানত বাহিৰাগত তথা সন্দেহ জনক শ্ৰমিক সংস্থাপন বন্ধ কৰা।
(২) ঠিকাদাৰী প্ৰতিষ্ঠানত ১০০% স্থানীয় তথা থলুৱা শ্ৰমিক ৰ সংস্থাপন ব্যৱস্থা কৰা।
(৩) সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ ৰ নাম ফলক ত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰা।
নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া ক এখনি স্মৰক পত্ৰ প্ৰদান কৰা হ’ব বুলি জনাই।