বাল্য বিবাহৰ বিৰুদ্ধে জৰুৱা বন্দিহানা আৰক্ষীৰ কঠোৰ ভৃমিকাঃ বাল্য বিবাহৰ লগত জড়িত থকা লোকক বিচাৰি আৰক্ষীৰ মাৰাথন অভিযান
ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ফুলকাটাৰী গাওঁত যোৱা শনিবাৰৰ নিশা এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক বিবাহ দিয়াৰ খৱৰ লাভ কৰে বন্দিহানাৰ আৰক্ষীয়ে ৷তৎক্ষণাতে উপস্থিত হয় বন্দিহানাৰ এটা আৰক্ষীৰ বৃহৎ সঁজাতী দল ৷উল্লেখ্য যে, বন্দিহানা আৰক্ষী চকীৰ আৰক্ষী বিষয়া কপিল উদ্দিনে ঘটনা স্থলীত উপস্থিত হৈ আৰম্ভ কৰে মাৰাথন অভিযান।ঘটনাস্থলীত উপস্থিত আছিল গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কৰ্মকৰ্তা সকল ৷এহাল প্ৰেমিক প্ৰেমিকাৰ ঘটনাক লৈ গাঁওখনত আলোচনাত বহিছিল কেইজনমান লোকে।১৮বছৰ পূৰ্তি হ’লে দুয়োৰে মাজত বিবাহ পাতি দিয়াৰ আলোচনা হোৱাৰ কথা আৰক্ষীৰ আগত সদৰী কৰে স্থানীয় ৰাইজে। আৰক্ষীয়ে যদিও মাৰাথন অভিযান চলাই আছে কাকো এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷আমাৰ হাতত বন্দিহানা আৰক্ষীৰ ভাষ্য আছে। আপোনালোক লৈ আগবঢ়াইছো।ইপিনে বন্দিহানা আৰক্ষী যদিও বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ভৃমিকা পালন কৰি আহিছে কিন্ত তথাপি সামাজিক মাধ্যমত আৰু এটা নিউজ পৰ্টেলত ভৃৱা বাতৰি পৰিবেশ্বন হোৱাৰ অভিযোগ উঠিছে সচেতন মহলত