১২ ছেপ্টেম্বৰ লৈ সামূহিক বাবে স্থগিত চালক সন্থাৰ কৰ্ম বিৰতি। বৈঠক ফলপ্ৰসূ নহলে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা।
যোৱা 22 আগষ্টত অৰুণাচল প্ৰদেশৰ দাপৰি জু নগৰৰ সমীপৰ পৰা অসমৰ ট্ৰাক চালক সঞ্জয় নাথক অপহৰণ কৰি হত্যা কাণ্ডৰ পিছত অসম অৰুণাচল সীমান্তত এক উত্তেজনা ময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । মৃত সহকৰ্মী ৰ বাবে ন্যায় বিচাৰি পৰিয়ালক এককালিক সাহায্যৰ লগতে সংস্থাপনৰদাবী কৰি অৰুণাচলত চালক সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত চালক সন্থাই যোৱা ৮ আগষ্টৰ পৰা অৰুণাচললৈ মালবাহী গাড়ী সমূহৰ চাকল সকলে অৰ্থনৈতিক কৰ্ম বিৰতি পালন কৰি আহিছিল।
এই সংক্ৰান্তত অৰুণাচল প্ৰশাসনে অনাগত ১২ ছেপ্টেম্বৰ ত এটি আলোচনাত বহাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াত যোৱা কালি সন্দিয়া ধেমাজি জিলা প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনৰ সৈতে চালক সন্থাৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠক মৰ্মে আজি চালক সন্থাৰ লগতে কেইবাটাও সন্থাৰ সহমতত মাধুৰী পাথৰ চাকল সন্থাৰ কাৰ্যালয়ত এটি সংবাদ মেল আয়োজন কৰি অহা ১২ ছেপ্টেম্বৰ লৈ কৰ্ম বিৰতিত কিছু সকাহ দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে যদিও ১২ তাৰিখৰ আলোচনা ফলপ্ৰসূ নহলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদ মেলৰ জৰিয়তে সদৰী কৰে চালক সন্থাৰ বিষয়ববীয়া সকলে।