উত্তৰ প্ৰদেশৰ বৃন্দাবনত ভাওনা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ বিষ্ণু জ্যোতিক:আখৰা গৃহ মুকলি কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
২০২০ চনত যোৰহাটৰ চেলেংহাটত প্ৰতিষ্ঠা লাভ কৰা বিষ্ণু জ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী আৰু ঐতিহাসিক শিৱসাগৰৰ জয়া দলং মহিলা সমাজক ভগবান শ্ৰী কৃষ্ণৰ লীলাভূমি বৃন্দাবনত গুৰু জনাৰ অমূল্য সৃষ্টি ভাওনা আৰু অসমীয়া লোক কৃষ্টিৰ অনন্য এক সম্পদ দিহা নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছে বৃন্দাবনৰ ৰাধা কুণ্ডত অৱস্থিত হিৰণময়ী ফাউণ্ডেশ্যনে। হিৰণময়ী ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৮, ১৯ আৰু ২০ ছেপ্টেম্বৰত আয়োজিত তিনি দিনীয়া কাৰ্যসূচীত এই দলটোৱে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। ৫৫ জনীয়া দলটোৱে ১৯ ছেপ্টেম্বৰত বিপ্ৰ দামোদৰ আখ্যান দন্তবক্রৰ মুক্তিলাভ ভাওনা মঞ্চস্থ কৰিব। ১৫ ছেপ্টেম্বৰত যাত্ৰা কৰিব লগীয়া দলটোৰ কালি আখৰা গৃহ মুকলি কৰা হয়। হাঁহচৰা স্থিত শ্বপিং প্লাজাত কালি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বন্তি প্ৰজ্বলন কৰি আখৰা গৃহ মুকলি কৰাৰ লগতে দলটিক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই।