মৈৰাবাৰীত চিপ লৈ আত্মহত্যা যুৱকৰ।
মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতীকটা গাঁৱত ইজাজুল হক নামৰ যুৱকজনে চিপ লৈ আত্মহত্যা কৰে। যুৱক জনৰ ঘৰ মৈৰাবাৰীৰ তাঁতীকটা গাঁৱত।কৰ্মসূত্ৰে নাগালেণ্ডৰ কহিমাত থকা যুৱক জন যোৱাকালি গাঁৱত থকা ঘৰত আহে আৰু আজি নিজা বাসগৃহৰ কোঠালিত দৰ্জা বন্ধ অৱস্থাত চিপ লয়। চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে।পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পত্নী ঘৰলৈ নহাত এনেদৰে আত্মহত্যা কৰে যুৱক জনে।মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তৰ পিছতহে যুৱক জনৰ আত্মহত্যাৰ কাৰণ পোহৰলৈ আহিব।