মন্ত্ৰী চন্দ্ৰমহন পাটোৱাৰীৰ নিজা পহৰ নাই ।আনৰ পোহৰৰে আকাশত জিলিকে আকাশত চন্দ্ৰৰ এটা ফাল এন্ধাৰতে থাকে

0

চন্দ্ৰমোহন পাটোৱাৰী অসম চৰকাৰৰ মন্ত্ৰী ৷আমাৰ নতুন দেহৰ মৌজাতেই ঘৰ ৷ ১৯৮৫ চনৰ পৰা আজিলৈকে ৪বাৰ কৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। ২ বাৰ বিধায়ক ৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাইজে ৰজা পাতি আহিলেও আমাৰ নতুন দেহৰ মৌজাত নাই এখন ভাল চিকিৎসালয়৷ কাৰোবাৰ বেমাৰ হলে নলবাৰী টাউনলৈ চিকিৎসা কৰিবলৈ যাব লাগে ৷নাই এখন ভাল Higher Secondary । নাই এখন কলেজ । আমাৰ ছাত্ৰ ছাত্ৰীয়ে নলবাৰী টাউনলৈকে যাব লাগে ৷নাই এখন বছৰটোৰ ১২ মাহে খেল খেলিবলৈ সাধাৰণ সা সুবিধা থকা খেলপথাৰ ৷ যাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীৰ নিজৰ জন্ম গাও আৰু মৌজাত নাই কোনো ধৰনৰ খেলাৰ পৰিবেশ ৷ যিকেইখন চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয় সমুহৰ অৱস্থাও উন্নত নহয় ৷ কৰবাত শ্ৰেণী কোঠাৰ অভাব৷কৰবাত দৰ্জা খিৰিকী নাই। কৰোবাত টিং ফুটি পানী পৰে ৷ চন্দ্ৰমোহন পাটোৱাৰীৰ নিজৰ জন্ম মৌজাত নাই এখন ভাল বজাৰ । যত কৃষকে উৎপাদিত সামগ্ৰী ৰদ বতাহ বৰষুণক খাটিৰ নকৰাকৈ বিক্ৰী তথা ক্ৰেটাই ক্ৰয় কৰিৱ লাগে। আমাৰ নতুন দেহৰ মৌজাত চন্দ্ৰমোহন পাটোৱাৰীয়ে সৃষ্টি কৰিছে কিছুমানক দালাল। কিছুমানক মদাহী । আৰু নকও দিয়ক ৷ৰাইজে জানে ৷ নতুন দেহৰ মৌজাত সামগ্ৰীক উন্নয়ন কিয় চন্দ্ৰমোহন পাটোৱাৰীয়ে ১৯৮৫ চনৰ পৰা আজিলৈকে প্ৰায় ৪০ বছৰ ৰাজনীতিত থকালৈকে নহল বুজি নাপাও । আমাৰ গাওত আমাৰ মৌজাত চন্দ্ৰমোহন পাটোৱাৰীৰ ঘৰ। আমাৰ ভাগিৰ মানুহ চন্দ্ৰমোহন পাটোৱাৰী । এনেদৰে নতুন দেহৰ মৌজাৰ সকলোৱে গৌৰৱ কৰে ৷আমাৰ নতুন দেহৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে ৪বাৰ মন্ত্ৰী হৈ আৰু ২ বাৰ বিধায়ক হৈ কি লেখত লবলগীয়া কাম কৰিছে কোনোবাই কব পাৰিব নে ? চিনাকি লগ বন্ধুৱে আমাক কয় ৷তহঁতৰে ভাল । চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা মন্ত্ৰী আছে ঘৰৰ কাষত ৷ ঠিকা চাকৰি যি কৰিব বিচৰা তাকেই পাবি ৷ আমাৰ হাহি উঠে কথাবোৰ শুনি ৷বহুতে জানিও স্বীকাৰ নকৰে যে চন্দ্ৰৰ নিজাৰ পোহৰ নাই। আনৰ পোহৰৰে চন্দ্ৰ আকাশত জিলিকে ৷ আকাশত চন্দ্ৰৰ এটা ফাল এন্ধাৰতে থাকে ৷
এয়াই আমাৰ নতুন দেহৰ মৌজাবাসীৰ কপাল ৷

Leave A Reply

Your email address will not be published.