কোচ ৰাজবংশীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচলৰ ধৰ্ণা স্থলী।
সদৌ অসম কোচ বাজবংশী সম্মিলনী ভগ্নী সংগঠন সদৌ অসম কোচ ৰাজবংশী মহিলা সম্মিলনী ধর্ণা কার্য্যসূচীকোচ ৰাজবংশীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ চচলৰ ধৰ্ণা স্থলী।সদৌ অসম কোচ বাজবংশী সম্মিলনী ভগ্নীসংগঠন সদৌ অসম কোচ ৰাজবংশী মহিলা সম্মিলনীৰযৌথ উদ্যোগত চচল ধৰ্ণা স্থলীত দুই ঘন্তিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন।কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰক দাবীশিল সাকোঁত অৱস্থিত সম্মিলনীৰ মুখ্য কাৰ্যালয় চিলাৰায় ভৱন উচ্ছেদ কৰি চৰকাৰে ঘোষণা কৰা উত্তৰ গুৱাহাটীৰ ভূমি শীঘ্রে সম্মিলনীক আবন্টন দিয়ক লৈ দাবী।মিচন ভূমিপুত্ৰৰ দ্বাৰা দিয়া OBC প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত হোৱা অবাধ দুর্নীতি আৰু বেমেজালি বন্ধ কৰি সম্মিলনীক চিনাক্ত কৰণৰ সম্পূৰ্ণ দায়িত্ব অর্পণ কৰাৰূপসী বিমান বন্দৰৰ নাম বাহাল ৰখা।বি.টি.আৰ., ৰাভা হাচং আৰু ট্রাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশীলোকৰ ভূমি অধিকাৰৰ লগতে সকলো সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰা।দাবীত সংগঠন কেইটাই ৰূপায়ন কৰে অৱস্থান ধর্মঘট কাৰ্যসূচী ।বাৰম্বাৰ চৰকাৰৰ পৰা প্ৰতাৰনাৰ সন্মুখীন হৈ আহিছে কোচ-ৰাজবংশী জনগোষ্ঠী লোকসকলে।সংগঠন কেইটাই বিভিন্ন শ্লোগানেৰে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।দাবী সমূহ শীঘ্ৰেই মানি লবলৈ আহ্বান প্ৰতিবাদ কাৰি সকলৰ ।অতি শীঘ্ৰেই প্ৰাতিবাদি কোচ ৰাজবংশী সকলৰ দাবী সমূহ মানি নললে চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকৰী সকলৰ।
