পৱিত্ৰ ভাদ মাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ আদৰ্শ গাঁও কঠাল বাৰীটো অনুস্থিত হৈছিল ভাদ মাহৰ মাহ যোৰা ভাগৱত পাঠ অনুষ্ঠান।

0

অসমৰ সত্ৰ বা গাঁও-চহৰ-নগৰত থকা নামঘৰসমূহত অসমীয়া ভাদমাহটোত যতি নপৰাকৈ গোৱা নাম-কীৰ্তন৷ অসমীয়া কেলেণ্ডাৰৰ পঞ্চম মাহটো ভাদ মাহ৷ বছৰৰ আন মাহবোৰৰ তুলনাত ভাদ মাহটো নামঘৰবোৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে৷এই মাহটো অসমীয়া মানুহে বৰ পৱিত্ৰ মাহ বুলি গণ্য কৰে৷এই মাহটোতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি, দুজনা গুৰু শংকৰদেৱ-মাধবদেৱৰ মৃত্যু তিথিৰ উপৰি গণেশ চতুৰ্দশী, শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়৷সেয়ে অসমৰ প্ৰায়বোৰ মানুহে ভাদমাহটোক পৱিত্ৰ মাহ জ্ঞান কৰি ধৰ্মীয় ক্ৰিয়া-কাণ্ড, নাম-কীৰ্তন পাতে৷নামঘৰ হৈছে অসমীয়া জনজীৱনৰ ঐক্য-সংহতিৰ মিলন ভূমি৷এই নামঘৰবোৰতে ভাদ মাহৰ এক তাৰিখৰ পৰা গোটেই মাহটো অসমীয়া ৰাইজে ধনী-দুখীয়া, জাত-পাতৰ ভেদাভেদ পাহৰি নাম-কীৰ্তন কৰি ধৰ্ম-চৰ্চা কৰাৰ লগতে হৰি-ভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰে৷সেই মৰ্মে নলবাৰী জিলাৰ অন্তৰ্গত আদৰ্শ গাঁও কঠাল বাৰিত ১তাৰিখৰ পৰা আজি ২৬ ভাদ তাৰিখলৈ কঁঠালবাৰীৰ গৌবিন্দ ভৱন গিতাসত্ৰত অনুষ্ঠিত হৈছিল।কঁঠালবাৰীৰ গৌবিন্দ ভৱন গিতাসত্ৰত ভাদমহীয়া নামত প্ৰায়ে দুপৰীয়া সময়ৰ পৰা ৰাতিলৈ নাম-কীৰ্তন, ধৰ্মালোচনা পৰ্ব আদি হয়৷ কোনো কোনো ঠাইত পুৰুষ আৰু মহিলা বেলেগে বেলেগে বহি নাম লয় আৰু কোনো কোনো ঠাইত একেলগে বহি নাম লয়৷
প্ৰথমতে পুথি পাঠ কৰা হয়৷ তাৰপিছত নাম “ডকা’’ হয়৷ পাঠক বা পাঠকনীয়ে নাম ডাকিলেই ৰাইজ গোটখাই নামত বহে আৰু কীৰ্তন কৰে৷ তাল-খোল-নাগাৰা আৰু খুতিতাল বজাই হাতচাপৰি সংগত কৰি তিনি-চাৰিটামান নাম গোৱাৰ পিছত নামৰ সামৰণি পৰে৷ তাৰপিছত সকলো ৰাইজে থাপনাৰ ফালে হাতযুৰি আঁঠু-কাঢ়ি সেৱা লয় আৰু পাঠক বা বুঢ়াভকতে আশীৰ্বাদ দিয়ে৷নামত পুৰুষ-মহিলা উভয়েই জাতীয় সাজ- মেখেলা চাদৰ আৰু ধুতী-পাঞ্জাবী পিন্ধি, ডিঙিত গামোচা লয় আৰু পাঠক-পাঠকনীয়ে চেলেং আৰু আগুৰান পৰিধান কৰে৷ভাদমাহত কঠালবাৰী গাঁৱৰ প্ৰতিঘৰ মানুহে নামঘৰৰ একোখনকৈ শৰাই দিয়ে৷যাৰ ভাগত শৰাই দিবলগীয়া থাকে, সাধাৰণতে তেওঁলোকেই সেইদিনটোৰ মাহ-প্ৰসাদ, চাকি-বন্তি, আদি সমস্ত খৰচ বহন কৰে৷ অকলে খৰচ বহন কৰিবলৈ সামৰ্থ্য নথকা লোকে দুই-তিনিঘৰ বা ততোধিক পৰিয়াল মিলি শৰাই দিয়া দেখা যায়৷ নামঘৰবোৰত ভাদমহীয়া নামৰ প্ৰসাদ প্ৰস্তুত কৰাৰ পৰা বিতৰণ কৰালৈ নিৰ্দিষ্ট কৰি দায়িত্ব দিয়া থাকে৷ জন্মাষ্টমী আৰু গুৰু দুজনাৰ তিথিত নামঘৰত “মিঠৈ’’ নামৰ এবিধ লাড়ু দিয়া হয়৷ ইয়াৰ বাবে কোনো এঘৰত সমূহীয়াকৈ পিঠাগুড়ি খুন্দা হয় আৰু পগাই লোৱা গুড় আৰু ঘিউ দি নামঘৰৰ থাপনাৰ সম্মুখতে মিঠৈ তৈয়াৰ কৰা হয়৷ জন্মাষ্টমীৰ দিনা দোভাগ ৰাতিলৈ নাম-কীৰ্তন হয়৷এমাহজোৰা নাম-কীৰ্তনৰ পিছত আজী ২৬ ভাদ তাৰিখে নাম সামৰণি হয়৷

Leave A Reply

Your email address will not be published.