শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ চৌহদতে ছাত্ৰীক অশালীন ব্যৱহাৰ অভিযোগ দুগৰাকী ছাত্ৰৰ
শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ চৌহদতে ছাত্ৰীক অশালীন ব্যৱহাৰ অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধে।অশালীন ব্যৱহাৰে নহয় ছাত্ৰীৰ দেহৰ বিভিন্ন স্থানত স্পৰ্শ কৰাৰো অভিযোগ দুগৰাকী ছাত্ৰৰ বিৰুদ্ধেঘটনাৰ সন্দৰ্ভত মহাবিদ্যালয় খনৰ অধ্যক্ষৰ ওচৰত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি অভিযোগ দিবযোৱা ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে ।শুৱালকুছি বুদৰাম মাধৱ সত্ৰধিকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কক্ষতছাত্ৰ একতা সভাৰ দুগৰাকী সদস্যা ছাত্ৰীৰ লগত অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ একেখন মহাবিদ্যালয়ৰে দেৱৰ্ষি শৰ্মা আৰু বিবেক তাঁতিৰ বিৰুদ্ধে ।বিষয়টো সন্দৰ্ভত ছাত্ৰী দুগৰাকীয়ে মহাবিদ্যালয় খনৰ অধ্যক্ষক অভিযোগ দিয়াৰ পিছতোকোনো ব্যৱস্থা গ্ৰহণ নকৰি বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ দুই ভুক্তভোগী ছাত্ৰীৰ ।ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি শুৱালকুছি আৰক্ষী থানাত ছাত্ৰী দুগৰাকীয়ে এজাহাৰ দাখিল কৰে ।