শৈক্ষিক জগতক লজ্জাগত কৰা এক ঘটনা
চামগুৰিত শৈক্ষিক জগতক লজ্জাগত কৰা এক ঘটনা।দুই শিক্ষার্থীক তালিবানী শাস্তি শিক্ষকৰ।কি দোষত এনে তালিবানী শাস্তি প্ৰদান শিক্ষকৰ।হাত-ভৰি বান্ধি নিৰ্মমভাৱে প্রহাৰ দুই ছাত্ৰ-ছাত্ৰীক। এই ঘটনা সংঘটিত হৈছে চামগুৰিৰ মোৱামাৰী জাতীয় বিদ্যালয়ত।বিদ্যালয় খনৰ অধ্যক্ষ চুলেমান আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিভাৱকৰ।সামাজিক মাধ্যমত ভাইৰেল ঘটনাৰ সমগ্ৰ দৃশ্য ।অভিভাৱকৰ এজাহাৰৰ ভিত্তিত নিশা ভাগতেই চামগুৰি আৰক্ষীয়ে আটক কৰে অধ্যক্ষগৰাকীক।