কাকপথাৰ ১নং কাচিজান বনবাসী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত সজাগতা সভা সম্পন্ন

0

তিনিচুকীয়া জিলাৰ কাকপথাৰ ১নং কাচিজান বনবাসী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আদিবাসী ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে শাসনাধিষ্ট বিজেপি চৰকাৰে আদিবাসী এলেকাত মৰাণ স্বায়িত্ব শাসিত এলেকা ঘোষণাৰ কৰাৰ পাছতেই ৰাইজৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। ৰাজ্যৰ শাসনাধিষ্ট বিজেপি চৰকাৰে কৈছিল যে চৱ কা ছাথ চবকা বিকাশ কিন্তু এয়া এক বিপৰীত ছবি দেখিবলৈ পোৱা গল। বিজেপি চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিল। জনজাতিৰ অনুসূচীকৰণৰ প্ৰতিবেদন বৰ্তমানলৈকে প্ৰেৰণ কৰিবলৈ অসমৰ্থ ৰাজ্য চৰকাৰৰ কাম আৰু সদিচ্ছাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।২০১৬ বৰ্ষতে ছয় মাহৰ ভিতৰত অনুসুচিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ খৰ্ব কৰি বহিৰাগত ৰঙা দলিছা বৰঘৰত বহিবলৈ দিয়া বাহিৰে আন একো নাই। আদিবাসী ৰাইজক সংবিধানপ্ৰদক্ত প্ৰাপ্য -অধিকাৰ আৰু ভিক্ষাৰ পাৰ্থক্য বুজাই দিয়াৰ সময় আহিব পৰিছে। সেয়েহে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম।
আমাৰ অধিকাৰ আমাক লাগিবই বলি শাসনাধিষ্ট বিজেপি চৰকাৰক ক্ষুদাৰ সমালোচনা কৰে। S T আমাক লাগিবই,মাটি পাট্টা লাগিব ই , বিজেপি গ বেগ,আদি ধ্বনিৰে বিজেপি চৰকাৰক সমালোচনা কৰে। বিজেপি চৰকাৰখনক গৰিহণা দি ,নিন্দা কৰি ক্ষোভ প্ৰকাশ কৰি অযথা সময় নষ্ট কৰাতকৈ আদিবাসী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰক । অন্যথা ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত চৰকাৰ পৰিবৰ্তনৰ বাবে টঙালি বান্ধক বুলি সংবাদ মাধ্যমৰ ওচৰত ১ন‍ং কাচিজান বনবাসী আঞ্চলিক যুৱ সংঘই চৰকাৰক ক্ষুৰদাৰ সমালোচনা কৰে।

Leave A Reply

Your email address will not be published.