অসম চৰকাৰে ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া বাবে অহাকালি যি পৰীক্ষা অনুষ্ঠিত কৰিব তাৰ বাবে ব্যপক প্ৰস্তুতি
ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী কৰী বিদ্যালয় আৰু শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ত ব্যপক প্ৰস্তুতি ।অসম চৰকাৰে ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া বাবে অহাকালি যি পৰীক্ষা অনুষ্ঠিত কৰিব তাৰ বাবে ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে অনুষ্ঠান প্ৰতিষ্ঠান বা পৰীক্ষা কেন্দ্ৰ সমুহ । ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অধিনত থকা ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় ,শক্তিআশ্ৰমৰ উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয় আৰু শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়তো প্ৰস্তুতি তুংগত কৰি তুলিছে । আটক ধুনীয়াকৈ সজাই তুলিছে পৰীক্ষা কেন্দ্ৰসমুহ । চৰকাৰী নিয়ম অনুসৰি ছিছি কেমেৰাও সংস্থাপন কৰিছে কেন্দ্ৰ সমুহত । ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০৬ জন , শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ত ১০০৬ জন আৰু স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ত ৮০২ জন পৰীক্ষাৰ্থী য়ে অৱতীৰ্ন হব বুলি জানিবলৈ দিয়ে ।