নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত “চিন্তন বৈঠক ” অনুষ্ঠিত কৰা হয়।

0

সাম্প্ৰতিক সময়ত ভাষা সাহিত্যৰ সংস্কৃতিলৈ অহা সংশয়ৰ ওপৰত আজি নগাঁও জিলা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত এখনি চিন্তন বৈঠক অনুষ্ঠিত কৰা হয়। ৰেৱত কুমাৰ হাজৰিকাই আতধৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, সঞ্চালক ড• বসন্ত গোস্বামী, অসম সাহিত্য সভাৰ সভাপতি উদ্বোধক পদ্মশ্রী ড•সূৰ্যকান্ত হাজৰিকা, আমন্ত্রিত অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ সভাপতি ডা: গিৰিশ সন্দিকৈ,অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড• উপেন্দ্রজিৎ শৰ্মাৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা সাহিত্যক , শিক্ষাবিদ, বিশিষ্ট গৱেষক,লেখিকা , আইনীউপদেষ্টা সমালোচক,সাহিত্য- প্ৰেমীসকল উপস্থিত থাকে। অসমীয়া ব্যাকৰণৰ সঠিক প্ৰয়োগ, বাক্যৰ গাঠিন্নতা, অসমীয়া শব্দৰ প্ৰয়োগ, অসমীয়া ভাষাৰ বিবিধ প্ৰণালী, আদিৰ ওপৰত উক্ত চিন্তন বৈঠকত আলোচনা কৰা হয়। বৰ্তমানৰ যুৱ প্ৰজন্মই অসমীয়া ভাষাক শুদ্ধ সঠিক ৰূপত প্ৰয়োগ কৰিবলৈ নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আহ্বান জনায়। আজিৰ সময়ত যদি আমিবিলাকে অসমীয়া ভাষাৰ চৰ্চা নকৰো , অনাগত দিনত অসমীয়া ভাষাৰ বহুতখিনি প্ৰভাৱ পৰিব বুলিও মন্তব্য প্ৰকাশ কৰে হাজৰিকাদেৱে। আৰু লগতে ইমান আধুনিকতাৰ সময়ত অসমৰ যি বিভিন্ন জিলাৰ পৰা অসমীয়া সাহিত্যঅনুৰাগীসকল আহি নগাঁৱত সমৱেত হৈছে, গতিকে সকলোকে তেখেতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসমীয়া ভাষা সাহিত্যৰ চিন্তন বৈঠক সফলতাৰে সমাপ্তি ঘটে।

Leave A Reply

Your email address will not be published.