হোজাই ডংকি গাওঁত গাওঁ ৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতা সভা
হোজাই ডংকি গাওঁত গাওঁ ৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতা সভা।উক্ত সভাত উপস্থিত থাকে অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লভ তামুলী, হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰা আৰু বিশিষ্ট ব্যক্তি সকল।উক্ত সজাগতা সভাত ড্ৰাগছ, বাল্য বিবাহ আৰু চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে ৰাইজক সজাগ আৰু সচেতন কৰা হয়।উক্ত সভাত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৰাইজৰ হকে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।লগতে ৰাইজক নিচা জাতীয় দ্ৰব্য, বাল্য বিবাহ আৰু চাইবাৰ ক্ৰাইমৰ দৰে জঘন্য ঘটনাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনায়।