এইবাৰ ঔষধৰ চিণ্ডিকেট
এইবাৰ নগাঁৱত গঢ়ি উঠিছে ঔষধৰ এক বৃহৎ চিণ্ডিকেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যত চলি থকা বিভিন্ন চিণ্ডিকেট কঠোৰ ভাৱে উৎখাত কৰা হ’ব বুলি স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ নগাঁৱত ঔষধ বিক্ৰেতা সকলে আৰম্ভ কৰিছে ঔষধৰ বৃহৎ চিণ্ডিকেট।যাক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ বিগত এসপ্তাহৰ পৰা নগাঁৱত নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ তথা চমুকৈ নামডা নামৰ নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাই ঔষধৰ বিক্ৰী মূল্যৰ ক্ষেত্ৰত ৰেহাই দিয়া ব্যৱস্থাটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়ে। জিলা খনৰ সকলো ফাৰ্মাচীতে “ন’ ডিচকাউন্ট” লিখা থকা ফলক লগোৱাটোও বাধ্যতামূলক কৰিছে। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাই লগতে সকলো ঔষধ ব্যৱসায়ীকেই সতৰ্ক কৰি দিছে যাতে কোনেও ঔষধৰ এম আৰ পিৰ ওপৰত কোনো ধৰণৰ ৰেহাই নিদিয়ে। কোনোবাই ৰেহাই দিলে তেওঁ লোকৰ ওপৰত সন্থাই ব্যৱস্থা ল’ব বুলিও সকীয়নি দিয়ে।ইয়াৰ পাছৰে পৰা নগাঁৱৰ সকলো ঔষধ ব্যৱসায়ীয়ে ৰেহাই মূল্যত ঔষধ বিক্ৰী কৰা বন্ধ কৰি দিছে।আৰু ইয়াৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে নগাঁও জিলাৰ বীৰ লাচিত সেনাৰ বিষয়ববীয়া।শনিবাৰে মেডিচিনৰ সংগঠনটোৰ সভাপতিক সাক্ষাৎ কৰি জনতা বিৰোধী এই সিধান্ত উঠাই লবলৈ দাবী জনাই