বৰষাৰাণী বিষয়াই বিচাৰিলে সকলোৰে পৰা আশীৰ্বাদ
অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত এগৰাকী হ’ল বৰষা ৰাণী বিষয়া।
বহু অসমীয়া ছবিত নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে।
এক দীঘলীয়া বিৰতিৰ পাছত বৰষা ৰাণীয়ে আৰম্ভ কৰিব বিচাৰিছে নতুন অধ্যায়।
যাৰ বাবে সকলোলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিলে অভিনেত্ৰীগৰাকীয়ে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নতুন যাত্ৰাৰ কথা উল্লেখ কৰিছে।
পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে, “মই ভাবিছিলো কেনেকৈ, কিন্তু মোৰ দেউতাই কৈছিল, তুমি পাৰিবা আৰু তুমি কৰিবা, সেইবাবে মই কৰিলো!” লগতে পিতৃক ছুপাৰ হিৰ’ বুলি উল্লেখ কৰে বৰষা ৰাণী বিষয়াই। উল্লেখ্য যে, নিজৰ লগতে বিষয়া পৰিয়ালৰ এক দীৰ্ঘদিনীয়া সপোন হ’ল এখন নতুন ছবি। ছবিখনৰ নাম ‘যৌৱনে আমনি কৰে ২’।
ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ কাম।
ছবি খনৰ কথা উল্লেখ কৰি পোষ্টটোৰ কিছুমান ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। আৰু লিখিছে “মোৰ শ্ৰদ্ধাৰ দৰ্শক, আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কাম্য।”