কংগ্ৰেছে ভূমি পুত্ৰ ৰ ভূমি কাঢ়ি সন্দেহ যুক্ত লোকক সংস্থাপনৰ ব্যৱস্থা কৰিছে–পিযুষ হাজৰিকা
বিশ্বনাথ জিলাৰ প্ৰাক্তন অভিভাৱক মন্ত্ৰী তথা কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা বিহালী সমষ্টিত দলীয় সাংগঠনিক দিশ পৰ্যালোচনা তথা শক্তিশালী কৰাৰ উদ্দেশ্য বিহালীৰ কেইবাটাও অঞ্চলত দলীয় কৰ্মী ৰ লগত আলোচনা ত মিলিত হয় । আজি বিয়লি বিহালীৰ ৰাংছালীৰ ৰংগ মঞ্চত অনুষ্ঠিত এক দলীয় কৰ্মী ৰ সৈতে আলোচনা ৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ ত কয়যে, সোনাপুৰৰ কচুতলিত কংগ্ৰেছ দলে ভূমি পুত্ৰ ৰ মাটি কাঢ়ি সন্দেহ যুক্ত পৰিয়ালক বসবাস কৰিবলৈ ব্যৱস্থা কৰি দিছিল । বৰ্তমান ৰ চৰকাৰে ভূমি পুত্ৰ ৰ ভূমি এনেবোৰ সন্দেহ যুক্ত পৰিয়ালৰ পৰা মুক্ত কৰিবলৈ ব্যৱস্থা লৈছে। কিন্তু কংগ্ৰেছ দলে সন্দেহ যুক্ত পৰিয়াল সমূহক উচ্ছেদ মুক্ত কৰাত উঠি পৰি লাগিছে। আনহাতে, বিহালীৰ আগন্তুক উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে বৰ্তমান লৈকে প্ৰাৰ্থী মনোনীত কৰা নাই। দলৰ প্ৰাক্তন জিলা পাৰিষদ, মণ্ডল সমিতিকে ধৰি অন্যান্য দলীয় নেতাৰ লগতহে দলীয় সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰিবলৈ অহা বুলি জানিবলৈ দি দিয়ে ।