নাহৰকটীয়া চাচনি মৌজাৰ যুৱতীৰ ADRE পৰীক্ষা দিবলৈ গৈ ধমনত শোকাবহ পথদুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ।
অসম চৰকাৰৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা অসম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত আজি ইংৰাজী ১৫ চেপ্তেম্বৰত মৃত্যুক আকোৱালি লব লগীয়া হয় চাচনী এইগৰাকী উদিয়মান যুৱতীয়ে। চাচনী দেওঘৰীয়া গাৱঁৰ নিত্যা গগৈৰ একমাত্ৰ জিয়ৰী পৰশী গগৈয়ে আজি অনুষ্ঠিত হোৱা ADRE পৰীক্ষা দিবলৈ গৈছিল ডিব্ৰুগড়স্থিত চিটি কলেজলৈ।ভায়েকৰ সৈতে ঘৰৰ পৰা মটৰচাইকেলেৰে উলাই যোৱা যুৱতীগৰাকীয়ে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে এখন ই-ৰিক্সোৰ সৈতে মুখামখি সংঘৰ্ষ হয়।উক্ত দুৰ্ঘটনাত ভায়েকজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে পৰশী গগৈক সংকটজনক অৱস্থাত লেঙেৰী প্ৰাথমিক চিক্ৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে আঘত গুৰুতৰ দেখি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ কোৱাত যুৱতীগৰাকীক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ নিয়ে যদিও তেতিয়ালৈকে মৃত্যুক সাৱটি লয় পৰশীয়ে। ২০২১ বৰ্ষত টিংখাং মহাবিদ্যালয়ৰ পৰা স্নাতক পৰশীয়ে নগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ডিজেল মোকানিকৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সংগীতটো বিশাৰদ ডিগ্ৰীধাৰী এইগাৰাকী যুৱতীয়ে সামাজিক আৰু সাস্কৃতিক ক্ষেত্ৰখনত ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল।তদুপৰি এবছৰৰ পূৰ্বে পৰশীয়ে এখন ই-ৰিক্সো লৈ নিজে চলাই স্ব-নিৰ্ভৰশীল হোৱাৰ নিৰ্দশন দাঙি ধৰিছিল।যুৱতীগৰাকীৰ অকাল মৃত্যুত নাহৰকটীয়া ই-ৰিক্সো মালিক আৰু চালক সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চাচনীৰ উদিয়মান শিল্পীগৰাকীৰ মৃত্যুত মৰ্মাহত হৈছে চাচনীৰ প্ৰতিগৰাকী সমাজ সচেতন লোক।অসম চৰকাৰৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা অসম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত আজি ইংৰাজী ১৫ চেপ্তেম্বৰত মৃত্যুক আকোৱালি লব লগীয়া হয় চাচনী এইগৰাকী উদিয়মান যুৱতীয়ে। চাচনী দেওঘৰীয়া গাৱঁৰ নিত্যা গগৈৰ একমাত্ৰ জিয়ৰী পৰশী গগৈয়ে আজি অনুষ্ঠিত হোৱা ADRE পৰীক্ষা দিবলৈ গৈছিল ডিব্ৰুগড়স্থিত চিটি কলেজলৈ।সমন্ধীয় ভায়েকৰ সৈতে ঘৰৰ পৰা মটৰচাইকেলেৰে উলাই যোৱা যুৱতীগৰাকীয়ে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে এখন ই-ৰিক্সোৰ সৈতে মুখামখি সংঘৰ্ষ হয়।উক্ত দুৰ্ঘটনাত ভায়েকজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে পৰশী গগৈক সংকটজনক অৱস্থাত লেঙেৰী প্ৰাথমিক চিক্ৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে আঘত গুৰুতৰ দেখি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ কোৱাত যুৱতীগৰাকীক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ নিয়ে যদিও তেতিয়ালৈকে মৃত্যুক সাৱটি লয় পৰশীয়ে।২০২১ বৰ্ষত টিংখাং মহাবিদ্যালয়ৰ পৰা স্নাতক পৰশীয়ে নগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ডিজেল মোকানিকৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সংগীতটো বিশাৰদ ডিগ্ৰীধাৰী এইগাৰাকী যুৱতীয়ে সামাজিক আৰু সাস্কৃতিক ক্ষেত্ৰখনত ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল।তদুপৰি এবছৰৰ পূৰ্বে পৰশীয়ে এখন ই-ৰিক্সো লৈ নিজে চলাই স্ব-নিৰ্ভৰশীল হোৱাৰ নিৰ্দশন দাঙি ধৰিছিল।যুৱতীগৰাকীৰ অকাল মৃত্যুত নাহৰকটীয়া ই-ৰিক্সো মালিক আৰু চালক সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চাচনীৰ উদিয়মান শিল্পীগৰাকীৰ মৃত্যুত মৰ্মাহত হৈছে চাচনীৰ প্ৰতিগৰাকী সমাজ সচেতন লোক।