নাহৰকটীয়া ত ও স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত
নাহৰকটীয়া ত ও স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া শাখাৰ ধৰ্ণা কাৰ্যসূচী স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি নাহৰকটীয়াৰ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আটছাৰ নাহৰকটীয়া শাখাই ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।আটছা নাহৰকটীয়া শাখাৰ সভাপতি বচন গোৱালা ই প্ৰতিবাদস্থলীৰ পৰা কয় যে স্মাৰ্ট মিটাৰৰ ফলত সাধাৰণ জনতাৰ লগতে বাগিচাৰ শ্ৰমিকসকলেও জীয়াতু ভুগিব লগা হৈছে । পূৰ্বৰ বিদ্যুৎ মাচুলৰ পৰিবৰ্তে বৰ্তমানে চাহ শ্ৰমিকসকলে অত্যাধিক বিদ্যুৎ মাচুল পৰিশোধ কৰিব লগা হৈছে ।নাহৰকটীয়াৰ সৰ্বসাধাৰণৰ ৰাইজৰ লগতে চাহ শ্ৰমিকসকলেও স্মাৰ্ট মিটাৰৰ অত্যাচাৰৰ ফলত তেল চাকি বিচাৰিব লগা হৈছে আৰু বিদ্যুৎ যোগান অনিয়ম হোৱাত ৰাইজে বিভিন্ন সমস্যা সন্মুখীত হৈছে । স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰি, বিদুৎ যোগান নিয়মীয়া কৰাৰ লগতে বিদ্যুৎৰ মাচুল হ্ৰাস কৰিবলৈ আটছা নেতা বচ্চন গুৱালাই দাবী জনায় অন্যথা শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে ।