ৰাজ্যত নতুন নতুন কৌশলেৰে প্ৰৱঞ্চকে মেলিছে প্ৰৱঞ্চনাৰ জাল

0

ৰাজ্যত নতুন নতুন কৌশলেৰে প্ৰৱঞ্চকে মেলিছে প্ৰৱঞ্চনাৰ জাল। এইবাৰ সৰুপথাৰত ভূৱা আৰক্ষী পৰিদৰ্শকৰ নামলৈ এটা দুষ্ট চক্ৰই লুটিলে চুফাৰী ব্যৱসায়ীৰ পৰা নগদ ৭ লাখ টকা। সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ নাওজান নিতেজু বস্তিৰ ইনটাজ খান আৰু নিজকে আৰক্ষী পৰিদৰ্শক তথা এখন থানাৰ অ চি বুলি পৰিচয় দি নগাওঁৰ এজন চুফাৰী ব্যৱসায়ীক চুফাৰী বিক্ৰী কৰিম বুলি মাতি আনি ৭ লাখ টকা আত্মসাৎ কৰে। নগাওঁ জিলাৰ ৰূপহীৰ ৰহমত আলি আৰু ৰাবানা আলম নামৰ চুফাৰী ব্যৱসায়ী দুজনক আবুল হুছেইন নামৰ অসম নগালেণ্ড সীমান্তত তামোলৰ ব্যৱসায় কৰা এজন লোকৰ জড়িয়তে কৌশলেৰে সৰুপথাৰলৈ মাতি আনে দুষ্ট চক্ৰটোৱে। প্ৰৱঞ্চক ইনটাজ খান আৰু নিজকে আৰক্ষীৰ পৰিদৰ্শক বুলি চিনাকী দিয়া দুই প্ৰৱঞ্চকে ৩১ কুইন্টল স্থানীয় চুফাৰী বিক্ৰী কৰাৰ প্ৰলোভন দি ৭ লাখ টকা ব্যৱসায়ী দুজনৰ পৰা আদায় কৰি উধাও হয়। প্ৰৱঞ্চকৰ দলটোৰ এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে নগাওঁৰ ব্যৱসায়ী ৰহমত আলিয়ে নিশা সৰুপথাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। ভূৱা আৰক্ষী পৰিদৰ্শকজন চুঙাজানৰ এজন বহু বিতৰ্কিত বিজেপি কৰ্মী বুলি চিনাক্ত কৰা হৈছে। উক্ত চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা বিভিন্ন লোকক নতুন নতুন কৌশলেৰে প্ৰৱঞ্চনাৰ জালত পেলাই প্ৰৱঞ্চনা কৰি ধন লুট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। সৰুপথাৰ আৰক্ষীয়ে ইতিমধ্যে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.