আজি মঙ্গলবাৰ ১৭ ছেপ্টেম্বৰ দিনা সমগ্ৰ দেশে পালন কৰিছে বিশ্বকৰ্মা পূজা।
আজি মঙ্গলবাৰ ১৭ ছেপ্টেম্বৰ দিনা সমগ্ৰ দেশে পালন কৰিছে বিশ্বকৰ্মা পূজা। এই বিশ্বকৰ্মা পূজা সকলোৱে আনন্দ কৰা দেখা যায়। হিন্দু ধৰ্মত বিশ্বকৰ্মা পূজাা মহত্ব অধিক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰেল নগৰী লামডিঙততো উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা ।
আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূজাৰ ব্যাপক আয়োজন ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰাধনা কৰা হৈছে বিশ্বখনিকৰক।
লামডিংত বিভিন্ন কল কাৰখানা, ৰেলৱে অফিচ, লামডিং থানা, ছপাখানা, অটো Stand, বাছ Stand, চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আদি কৰি বিভিন্ন ঠাইত উপলক্ষে উলহ মালহেৰে পুৱাৰে পৰা উদযাপন কৰা হয় বিশ্বকৰ্মা পূজা। ভগৱান বিশ্বকৰ্মা কীৰ্তনেৰে নাম গাই আনন্দত মতলীয়া হৈ পৰিছে ভক্ত সকল । নতুন ধৰণেৰে সজাই তুলিছে লামডিংৰ বিশ্বকৰ্মা পূজাৰ পেণ্ডেল সমূহ । বিশ্বকৰ্মা পূজাৰ দিনা বহুতে ব্ৰত ৰাখে। কোৱা হয় সকলোৰে বাধা বিঘিনি দূৰ কৰি জীৱন সুখ- শান্তিৰে উপচাই পেলায়। পূজাত বিভিন্ন ৰঙৰ ফুল, ফল-মূল আৰু ৰঙা চন্দন ব্যৱহাৰ কৰা হয় বুলি জনা যায়। ভগৱান বিশ্বকৰ্মা পূজাত দুবৰি বন, ফুল, ফল, বন্তি, ধূপ- ধূনা, কাঠ, চন্দন,মোদক, লাড়ু আদি আগবঢ়াই ৰাইজে বিশ্বকৰ্মা পূজা কৰা দেখা গৈছে। আজিৰ এই দিনা সকলো ভক্ত প্ৰান ৰাইজে প্ৰসাদ বনোৱা আদি কৰি বিভিন্ন কামত সকলোৰে ব্যস্ত হোৱা পৰিলক্ষিত হয় লগতে মঙ্গল কামনা কৰে মন্দিৰ আয়োজক সমিতিয়ে ৷ জাতি ধৰ্ম নিৰ্বিশেষে লামডিংৰ বিশ্বকৰ্মা পূজাৰ পেণ্ডেলত ভক্তৰ লোকাৰণ্য হোৱা পৰিলক্ষিত হয় । ভক্ত প্ৰাণ ৰাইজে বিশ্বকৰ্মা ভগৱানৰ চৰণত ধূপ, দীপ, নবৈদ, চাকি, ফুল মালা আদি লৈ পূজা কৰি সকলোৰে বাবে মঙ্গল কামনা কৰে ৷