কামৰূপৰ বংশৰত ভাই ভাই মিস্ত্ৰী মজদুৰ সন্থাৰ উদ্যোগত প্ৰায় ২০০ জন মিস্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব কৰ্মা পূজা
আজি বিশ্ব খনিকৰ বিশ্ব কৰ্মা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বংশৰত ভাই ভাই মিস্ত্ৰী মজদুৰ সন্থাৰ উদ্যোগত প্ৰায় ২০০ জন মিস্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব কৰ্মা পূজা। লগতে এই পূজাত অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। ইতিমধ্যে গোপালথান মন্দিৰ প্ৰংগনত দেখা গৈছে এক আধ্যাত্মিক পৰিবেশ । পুৰোহিতৰ মন্ত্ৰো উচ্ছাৰণৰ লগতে আয়তি সকলৰ দিহানামে সমগ্ৰ পৰিবেশ মুখৰিত কৰি তুলিছে।হোম যজ্ঞৰ অন্তত দুপৰীয়ালৈ এসাজ আহাৰৰো আয়োজন কৰা হৈছে।