চাহ বাগিচাত এতিয়া বোনাচক লৈ নহয় বেতনক লৈহে প্ৰতিবাদ।
চাহ উদ্যোগৰ প্ৰায় দুশ বছৰেই হ’ল। এই দুশবছৰীয়া কাৰ্যকালত নানান সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছে।
শ্ৰমিকৰ আৱাসগৃহ ,বিশুদ্ধ খোৱাপানী . আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবেই যুগ যুগ ধৰি চাহ শ্ৰমিকৰ সংগ্ৰাম অব্যাহত আছে। যদিও মালিকপক্ষৰ কেকোঁৰা চেপা যেন বন্ধ নহব কাহানিও।আজি বিশ্বকৰ্মা পুজাৰ আনন্দমুখৰ দিনটোত ডুমডুমাৰ দাঁতি কাষত লাগি থকা এপিজে চাহ কোম্পানীত এক হুলস্থূলীয়া পৰিৱেশ।আধুনিকতাবাদৰ নামত চাহ শ্ৰমিকক পষেকীয়া বেতন চাহ কোম্পানীয়ে বেংকৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰিছে।ইয়াৰ পৰা কি হৈছে জানেনে ? শ্ৰমিক এদিন ছুটি লৈ বেংকত গৈ শাৰী পাতিছে। পুৱাৰ পৰা শাৰি পাতি অৱশেষত বেংকত লিংক নাই। আনহাতে বাকি খোৱা দোকানীক বেতনৰ দিনাই টকা দিব লাগে। চাহ কোম্পানীয়ে দৰমহা বেংকত সোমাই দিলে ঠিকেই কিন্তু কেতিয়াবা চাৰিদিনো হাতত নাহিল দৰমহা। ঘৰত নাইকিয়া দাইল আলু চাউল ইত্যাদি। এতেকে শ্ৰমিকৰ সিদ্ধান্ত টেবুলতেই দৰমহা দিয়ক। যাৰবাবে আজি হাজাক হাজাৰ শ্ৰমিক উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।এতিয়া পৰৱৰ্তী সময়ত দেখা যাব এপিজে চাহ কোম্পানীটোৱে শ্ৰমিকৰ দৰমহাৰ ক্ষেত্ৰত কি সিদ্ধান্ত আৰু ব্যৱস্থা গ্ৰহন কৰিব।