অঞ্চল কৰ্তন কৰাৰ বিৰুদ্ধে গৌৰীপুৰৰ আলমগঞ্জত শ—শ পুৰুষ —মহিলাৰ তীব্ৰ উত্তাল প্ৰতিবাদঃ
অঞ্চল কৰ্তন কৰাৰ বিৰুদ্ধে গৌৰীপুৰৰ আলমগঞ্জত শ—শ পুৰুষ —মহিলাৰ তীব্ৰ উত্তাল প্ৰতিবাদঃ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰৰ অভিযোগ।আলমগঞ্জ গাওঁ পঞ্চায়তৰ পৰা বৰাইবাৰী গাওঁ পঞ্চায়তত অঞ্চল কৰ্তনৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহিল শ —শ পুৰুষ— মহিলা।ধুবুৰী জিলাৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ দেৱীতোলা উন্নয়ন খণ্ডৰ আলমগঞ্জ গাওঁ পঞ্চায়তৰ আলমগঞ্জ ষষ্ঠ খণ্ড গাঁওখন কৰ্তন কৰি নিকটৱৰ্তী বৰাইবাৰী গাওঁ পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ তথ্য লাভ কৰি ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে গাঁওখনৰ বাসিন্দা সকলে।আলমগঞ্জ বজাৰৰ গাতে লাগি থকা আলমগঞ্জ ষষ্ঠ খণ্ড (অষ্টমীৰ চৰ)গাওঁখন বৰাইবাৰী গাওঁ পঞ্চায়তত অন্তৰ্ভুক্ত কৰা হলে অঞ্চলটোৰ ৰাইজে প্ৰায় ১০কিলোমিটাৰ পথ বাট কুৰি বাই যোৱাৰ লগতে এখন নদী আৰু এখন বিল পাৰ হ’বলগীয়া হ’ব।যাতায়ত —যোগাযোগৰ এনে অচল অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গাঁওখনৰ ৰাইজে আজি পূৱা ফুলকাটাৰী – আলমগঞ্জ সংযোগী গড়কাপ্তানী পথৰ অষ্টমীৰ চৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে, প্ৰায় ২হেজাৰৰ অধিক ভোটাৰ থকা অঞ্চলটো কৰ্তনৰ ক্ষেত্ৰত স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ প্ৰত্যক্ষ হাত থকা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰে।ৰাইজৰ দাবী মানি নললে পৰৱৰ্তী সময়ত ৰাইজে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
আৰু ভোট বৰ্জনৰ সিদ্ধান্ত কথাও সদৰি কৰে