আজি হাফলং পৰ্যটন তথ্য কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা কয় পৰিষদৰ পৰ্যটন বিভাগৰ নৱগঠিত অধ্যক্ষ জয়শ্ৰিংদাও ফংলোৱে
ডিমহাছাও জিলাৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ পৰিষদৰ পৰ্যটন বিভাগৰ উদ্যোগত জাটিংগা পৰিষদৰ চি ই এম দেভোলাল গাৰ্লোছাৰ প্ৰচেষ্টাত প্ৰতি বছৰে জাটিংগা জিলাৰ জাটিংগা উৎসৱ আৰু উমৰাংছু জিলাৰ ফেলকন উৎসৱ পালন কৰা হৈছে। আৰু এনেদৰে পৰিষদৰ পৰ্যটন বিভাগৰ উদ্যোগত নৱেম্বৰ আৰু ডিচেম্বৰ মাহত জিলাখনত উদযাপন কৰা হ’ব লগতে অক্টোবৰ মাহত পৰ্যটকক আকৰ্ষণ কৰিবলৈ আন এটা উৎসৱ পালন কৰা হ’ব, সেয়া হ’ল ডিমহাছাও জল কাৰ্নিভাল উৎসৱ উমৰাংছুত। আজি হাফলং পৰ্যটন তথ্য কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা কয় পৰিষদৰ পৰ্যটন বিভাগৰ নৱগঠিত অধ্যক্ষ জয়শ্ৰিংদাও ফংলোৱে। ডিমহাছাও জিলাত অনুষ্ঠিত হ’বলগীয়া জাটিংগা, ফেলকন আৰু ডিমহাচাও কাৰ্নিভাল উৎসৱত সংবাদমেলৰ জৰিয়তে সকলো পৰ্যটককে ধৰি জনসাধাৰণক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।