মণিপুৰ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক লৈ মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীকে ধৰি স্থানীয় ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

0

মণিপুৰ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে একো নাজানি বা বুঝি নোপোৱাকৈয়ে গৃহমন্ত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছে “যোৱা তিনিমাহ ধৰি মণিপুৰত আইন-শৃংখলা নিয়ন্ত্ৰিত হৈ আছে আৰু কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই” এই মন্তব্য সম্পূৰ্ণ ভুল আৰু মিছা বুলি দাবী কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে মেঘ চন্দ্ৰ সিং। বুধবাৰে শিলচৰত আয়োজিত সংবাদমেলত কে মেঘচন্দ্ৰ সিঙে কয় যে মণিপুৰ বিষয়ক লৈ গৃহমন্ত্ৰীৰ মন্তব্যই সমগ্ৰ মণিপুৰবাসীক আঘাত দিছে . ২০২৪ চনৰ ১ ছেপ্টেম্বৰৰ পৰা মণিপুৰত ড্ৰ’নৰ দ্বাৰা উচ্চ প্ৰযুক্তিৰ বোমা বিস্ফোৰণৰ উপৰিও আৰ পি জি আৰু ৰকেট লঞ্চাৰৰ সহায়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত আক্ৰমণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্ৰছ ফায়াৰিংকে ধৰি বিভিন্ন অত্যাচাৰ চলি আছে। লগতে যোৱা বছৰ ২০২৩ৰ পৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে। ফলত মণিপুৰৰ ৰাইজে বৰ্তমান সময়তো দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ উপযুক্ত যোগান পোৱা নাই। বিভিন্ন আশ্ৰয় শিবিৰত থকা ৰাইজে দিনৰ পিছত দিন ভয়ত জীৱন কটাবলগীয়া হৈছে। কে মেঘ চন্দ্ৰ সিঙে কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে শান্তি ঘূৰাই আনিবৰ বাবে মণিপুৰত আহিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিলেও এতিয়াও মণিপুৰলৈ অহা নাই। বৰঞ্চ প্ৰধানমন্ত্ৰীয়ে বিদেশী দেশৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰসাৰৰ বাবে ইউক্ৰেইন, ইজৰাইল, পেলেষ্টাইন আৰু ৰাছিয়া ভ্ৰমণত ব্যস্ত। কিন্তু আজিৰ দিনটোতে তেওঁ নিজৰ দেশৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতিক লৈ একু প্রদক্ষেপ গ্রহণ কৰা নাই l তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মণিপুৰ ভ্ৰমণ কৰি মণিপুৰ-ম্যানমাৰ সীমান্তত বেৰ দিয়াৰ লগতে মণিপুৰৰ শান্তি প্ৰক্ৰিয়া ঘূৰাই অনাৰ বাবে মৈতেয়ী আৰু কুকি জনগোষ্ঠীৰ সৈতে সাক্ষাৎ কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.