গোৱাৰ সৌন্দৰ্য প্ৰতিযোগিতাত ডিগবৈৰ কনমানি ছাত্ৰী আৰিয়ানা মিঞ্জ ৰ সাফল্য।

0

গোৱাৰ সৌন্দৰ্য প্ৰতিযোগিতাত ডিগবৈৰ কনমানি ছাত্ৰী আৰিয়ানা মিঞ্জ ৰ সাফল্য ।

পানীখোৱা ৰ নিবাসী নৰেন মিঞ্জ আৰু এলবিনা ছিন্দ্ৰী মিঞ্জ ৰ একমাত্ৰ কন্যা আৰিয়ানা মিঞ্জে গোৱাত এন কে একাডেমী য়ে আয়োজন কৰা ফেচন ষ্টাৰ অৱ ইণ্ডিয়া প্ৰতিযোগিতাত kids A শ্ৰেণীৰ চেণ্ট্ৰেল উইনাৰ (Winner) ৰ খিতাপ লাভ কৰে। আৰিয়ানা মিঞ্জ টিংৰাই লিটিল লাৰনাৰ ইংলিচ স্কুল ৰ UKG ৰ ছাত্ৰী। গোৱা এন কে একাডেমী য়ে আয়োজন কৰা ফেচন ষ্টাৰ অৱ ইণ্ডিয়া প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ শ শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল যদিও আৰিয়ানা মিঞ্জে প্ৰথম স্থান লাভ কৰি অসমৰ লগতে তিনিচুকীয়া জিলা খনত গৌৰৱ কঢ়িয়াই আনিবলৈ হৈক্ষম হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত কনমানি ছাত্ৰী গৰাকীয়ে লাভ কৰা এই সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে শিক্ষাগ্ৰহণ কৰা স্কুল খন ও । আৰিয়ানা মিঞ্জ এগৰাকী সফল নৃত্য শিল্পীও । অসমৰ বিভিন্ন ঠাইত নৃত্য আৰু সৌন্দৰ্য প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছে আৰিয়ানায়ে। ANE NEWS LIVE DIGITAL ৰ পৰিয়ালৰ তৰফৰ পৰা আৰিয়ানাৰ বৃহৎ সাফালয় আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

Leave A Reply

Your email address will not be published.