চয়দুৱাৰ আৰু পূব চয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্বহীদ দিৱস উৎযাপনl
চয়দুৱাৰ আৰু পূব চয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্বহীদ দিৱস উৎযাপন
শ্বহীদ বীৰাঙ্গনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতিৰ বুকুৰ শোণিতেৰে ঐতিহ্যমণ্ডিত হোৱা গহপুৰত বিভিন্ন দল সংগঠনে উদযাপন কৰিছে শ্বহীদ দিৱস। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই পুণৰ কংগ্ৰেছত যোগদান কৰাৰ পাছত ৰিপুন বৰাৰ উপস্থিতিত গহপুৰত ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয়। ব্লক কংগ্ৰেছৰ কাৰ্যালয় কনকলতা ভৱনত উদযাপিত শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰছৰ সভাপতি হেম বৰাই বন্তী প্ৰজ্বলন কৰাৰ পাছতে পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই। ইয়াৰ পাছতে শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পন কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা, সম্পাদক প্ৰেমলাল গঞ্জু, প্ৰাক্তন বিধায়িকা মনিকা বৰাৰ লগতে দুয়োটা ব্লক কংগ্ৰেছৰ বিষয়ববীয়া কৰ্মী সকলে। শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ লগতে সংগতি ৰাখি ১৯৪২চন ভাৰত ত্যাগ আন্দোলনৰ গহপুৰৰ দুগৰাকী শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে ২৬ গৰাকী মুক্তি সেনানী অৰ্থাৎ ২৮ গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি দেশপ্ৰেম মুলক গীত প্ৰস্তুত কৰা তিনিগৰাকী শিল্পীক ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ‘মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা…’ শীৰ্ষক দেশপ্ৰেমমূলক গীতটোত কণ্ঠদান কৰা বৰঙাবাৰীৰ নিৱাসী তথা জ্যেষ্ঠ সংগীত শিল্পী, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা, গীতটোৰ সুৰকাৰ গহপুৰৰ প্ৰবীন সংগীত শিল্পী বিজয় বৰা আৰু গীতটো ৰচনা কৰা গহপুৰৰ এগৰাকী সাংবাদিক ৰমেন বৰাক ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।