এফালে পথৰ দুৰৱস্থা আনফালে ONGC বাছৰ দৌৰাত্ম

0

এফালে পথৰ দুৰৱস্থা আনফালে ONGC বাছৰ দৌৰাত্ম l

নিশা লাকুৱাৰ ONGC পথত ভয়ংকৰ পথ দুৰ্ঘটনা l দুৰ্ঘটনাটোত এগৰাকী মহিলাৰ দুয়োখন ভৰি ভাঙি যোৱাৰ সন্দেহ প্ৰকাশ l আঘাটপ্ৰাপ্ত মহিলা গৰাকী এখন স্কুটীৰে আহি তথা অৱস্থাত বিপৰীত দিশৰ পৰা অহা ONGC ৰ এখন বাছে তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। সংঘৰ্ষ হোৱা স্কুটি খনত আছিল এজন পুৰুষৰ আৰু এগৰাকী মহিলা l লাকুৱাৰ শিলিখাগুৰিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাছ খন লাকুৱা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰি শিমলুগুৰি আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ নম্বৰ হৈছে AS 20 2131 আনহাতে সংঘৰ্ষ হোৱা স্কুটি খনৰ নম্বৰ হৈছে AS 04 Y 2813 ইতিমধ্যে দুৰ্ঘটনাস্থলীত শিমলুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

আহত মহিলা গৰাকীক জয়সাগৰ স্থিত শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। পথৰ দুৰৱস্থাৰ পাছত ONGC ৰ একাংশ বাছে গুৰু-গোঁহাই নমানি তীব্ৰ বেগত বাহন সমূহ চলোৱাৰ ফলত বিগত দিন সমূহতো সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা সমূহ l পিছে ইমান খিনি হোৱাৰ পাছত গা লৰিবনে ONGC বাছ চালক সকলৰ ? নে আগৰ দৰে তীব্ৰ বেগত চলি থাকিব ONGC ৰ বাহন তথা বাছ সমূহl সেয়া সময়ত হে হব লক্ষ্যণীয় ll

Leave A Reply

Your email address will not be published.