পঞ্চায়তৰ সমষ্টি সমুহ পুণ: নিৰ্ধাৰন প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট সৰুপথাৰৰ দুখন গাঁৱৰ ৰাইজ।

0

পঞ্চায়তৰ সমষ্টি পুণ: নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ অসন্তোষ্ট সৰুপথাৰৰ দুখন গাঁৱৰ ৰাইজ।হয় পঞ্চায়তৰ সমষ্টি পুণ: নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ অসন্তোষ্ট সৰুপথাৰ সমষ্টিৰ আহোম জনগোষ্ঠীয় বসতি পূৰ্ণ কৰ্দ্দৈগুৰি আৰু ধনশিৰি পাৰা নামৰ দুখন গাঁৱৰ ৰাইজ।উল্লেখ্য যে,গাঁও দুখনৰ ৰাইজে বুধবাৰে জানিব পাৰে যে,১৮ শতিকাতে স্থাপিত গাঁও দুখন পঞ্চায়তৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ যোগে বৰ্তমান পূৰ্বৰ গাঁও পঞ্চায়তৰ পৰা কাটি প্ৰায় ৯/১০ কিলো’ মিটাৰ আঁতৰৰ পশ্চিম বৰপথাৰত অন্তৰ্ভূক্ত কৰিছে।ইয়াৰ লগে-লগে জাঙুৰ খাই উঠিছে গাঁও দুখনৰ ৰাইজ।ইয়াৰ উপৰি আহোম অধুষিত অঞ্চল সমুহ ভংগ কৰাৰ একাংশৰ এইয়া ৰাজনীতি বুলি কৈছে গাঁওবাসীয়ে।তেঁওলোকে কোনপধ্যো নতুন গাঁও পঞ্চায়ত পশ্চিম বৰপথাৰত চামিল নোহোৱাৰ হুংকাৰ।অন্যহাতে এই ব্যৱস্থাৰ প্ৰতি ক্ষোভ তথা প্ৰতিবাদ জনাই দুয়োখন গাঁৱৰ ৰাইজে পৃথকে-পৃথকে বৃহস্পতিবাৰে ধনশিৰি মহকুমাধিপতিৰ ওচৰত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে।ইয়াৰ পিছতে কৰ্দ্দৈগুৰি গাঁৱ স্থিত তাই ভাষা কৃষ্টি অধ্যয়ন কেন্দ্ৰত দুয়োখন গাঁৱৰ নেতৃ স্থানীয় একাংশ ৰাইজে এখন সংবাদ মেলৰ আয়োজন কৰে আৰু সংবাদ মেলৰ জড়িয়তে নিজৰ ক্ষোভ দাঙি শীঘ্ৰে এই সমস্যা দূৰ কৰিবৰ দাবী জনায়।অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে গাঁওবাসীয়ে।ইপিনে আজি গাঁও দুখনৰ ৰাইজৰ লগতে ধনশিৰি জিলা আহোম সভাৰ ফালৰ পৰাও সভাপতি দিগন্ত গগৈ,কাৰ্যকৰী সভাপতি জিতুল ফুকন আৰু সাধাৰণ সম্পাদক বিৰিঞ্চি কোঁৱৰৰ দ্বাৰা স্বাক্ষৰিত একে সমস্যাক লৈ এখন স্মাৰক পত্ৰ ধনশিৰি মহকুমাধিপতি ওচৰত দিয়ে।প্ৰশাসনক সমস্যাটো পুণৰ বিবেচনা কৰি চাবৰ বাবে দাবী জনায় ধনশিৰি জিলা আহোম সভাই।

Leave A Reply

Your email address will not be published.