বাটৰহাটত ভাৰতীয় জনতা পাৰ্টী দক্ষিণ কামৰূপ জিলা কাৰ্যালয়ত এদিনীয়া ৰক্তদান শিবিৰৰ আয়োজন।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ভিন্ন প্ৰান্তত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈ আহিছে।তাৰ সমান্তৰালকৈ শনিবাৰে দক্ষিণ কামৰূপ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত পলাশবাৰীৰ বাটৰহাতস্থিত ভাৰতীয় জনতা পাৰ্টী দক্ষিন কামৰূপ জিলা কাৰ্যালয়ত এদিনীয়া ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়।উক্ত শিবিৰত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, আৰু সংবাদকৰ্মী আবিদুৰ ৰহমানে ৰক্তদান কৰাৰ লগতে বহু লোকে ৰক্তদান কৰা পৰিলক্ষিত হয়।উক্ত শিবিৰত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থকাৰ লগতে দক্ষিন কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী আৰু ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ বিভিন্ন কৰ্ম- কৰ্তাসকল উপস্থিত থাকে।