ট্ৰেডিং কেলেংকাৰীৰ পিছত পোহৰলৈ আহিছে হোজাইত অন্য এক ভয়ংকৰ কেলেংকাৰী ৷
ট্ৰেডিং কেলেংকাৰীৰ পিছত পোহৰলৈ আহিছে হোজাইত অন্য এক ভয়ংকৰ কেলেংকাৰী ৷
YBL bank আৰু YHM বেংক লিমিটেড নামৰ ভূৱা বিত্তীয় প্ৰতিষ্ঠান খুলি এটা চক্ৰই চলাই গৈছিল বৃহৎ লুণ্ঠন ।৷ সাধাৰন লোকক ডাঙৰ ঋন দিয়াৰ নামত 5 হাজাৰৰ পৰা 70 হাজাৰ লৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে চক্ৰটোৰ বিৰুদ্ধে ৷
হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত যোৱা নিশা আৰক্ষীৰ অভিযানত আটক কৰা হৈছে দুগৰাকী ভূৱা পৰিচালক ৷
ভূৱা পৰিচালক দুগৰাকী ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰ বুলি জানিব পৰা গৈছে৷
নতুন একাউণ্ট খুলি লাখ লাখ টকা ঋণ দিবলৈ লৈছিল বৃহৎ পৰিমাণৰ ধন৷
ট্ৰেডিঙৰ জৰিয়তে ধন বিনিয়োগ কৰা দেখুৱাইছিল গ্ৰাহকক৷
বেংকটোৰ দুটা শাখা স্থাপন কৰা হৈছিল ডবকাৰ গনিপুৰ বজাৰ আৰু চামৰালি জিন্দা বজাৰত৷
কেবা কোটিৰ লেনদেনৰ সন্দেহ কৰা হৈছে৷
জব্দ কৰা হৈছে বহু পাচবুক ,গ্ৰাহকৰ তথ্য সহ বহু নথি পত্ৰ৷
ইতিমধ্যে AXIS বেংকত এক লাখ কোটি টকা জমা থকাৰ এখন প্ৰমান পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷
প্ৰমান পত্ৰখন ভূৱা নে শুদ্ধ তাৰ তদন্তত নামিছে আৰক্ষী৷