পুষ্টিহীনতা, ৰক্তহীনতা আৰু এনেমিয়াৰ ওপৰত বৃহৎ সজাগতা সভা

0

নগাঁও জিলাৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ হেৰাপাতিত অনুষ্ঠিত হয় এই সভা

আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ হেৰাপাতি, কেন্দুগুৰি আৰু লাও গাঁও চাৰ্কোলৰ উদ্যোগত এই সভা অনুষ্ঠিত হয়

হেৰাপাতি চাৰ্কোলৰ মূখ্য সেৱিকা পিংকী বৰাই আঁত ধৰা গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডাঃ জাফৰ ইৰ্শাদ, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ কল্প কৃঞ্চ বৰদলৈ, অসম গ্ৰামীণ জীবিকা অভিযান মিছনৰ জিলা কাৰ্যক্ৰম প্ৰৱন্ধক শংখ প্ৰৱাল চাণ্ডিল্য, খাগৰিজান শিক্ষা খণ্ডৰ সমল ব্যক্তি সাগৰ খাকলাৰী, পোষণ অভিযানৰ জিলা সমন্বয়ক অভিনৱ বৰা, হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক সাংবাদিক মোস্তাফা কামাল, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল শইকীয়া, আশা মূখ্য সেৱীকা স্মৃতা শইকীয়া, ইউনিচেফৰ জিলা সমণ্বয়ক লংকেম তেৰাঙ , কেন্দুগুৰি আৰু লাওগাও চাৰ্কোলৰ মূখ্য সেৱিকা ল‌য়না মজুমদাৰ আৰু বৰ্নালী বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে

সজাগতা সভাৰ লগত সংগতি ৰাখি পুষ্টিহীনতা ৰক্তহীনতা আৰু এনিমিয়া সন্দৰ্ভত বিভিন্ন খাদ্য সামগ্ৰী আৰু গছ পুলি প্ৰদৰ্শন কৰা দেখা যায়

প্ৰায় পাঁচ শতাধিক অংগনাবাড়ি কৰ্মী সহায়িকাৰ লগতে কুৰি জন মান সমল ব্যক্তি উপস্থিত থকা গুৰুত্বপূৰ্ণ সভাখনৰ আৰম্ভণিতে আছমিনা খাতুন আৰু তেওঁৰ সংগী সকলে চাফ চিকুন, পৰিস্কাৰ পৰিছন্নতা, পুষ্টিহীনতা, ৰক্তহীনতাৰ আধাৰত এটি সুৰীয়া জিকিৰ পৰিবেশন কৰি সকলোকে আপ্লুত কৰিবলৈ সক্ষম হোৱা দেখা যায়

Leave A Reply

Your email address will not be published.