প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন

0

কাছাৰ জিলা কৃষি বিভাগৰ ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণৰ পৰা প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। দৰিদ্ৰ কৃষকক বঞ্চিত কৰি সুবিধাবাদীসকলৰ নাম সোমাইছে হিতাধীকারিৰ তালিকাত। আনকি কাছাৰ জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি তথা প্ৰাক্তন জিলা পৰিষদ সদস্য মানৱ সিংহৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। নাম আছে জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা অৱসৰপ্ৰাপ্ত আধিকাৰিক অবধেশ সিংহৰ। তালিকাখনত নাম আছে বেৰেংগা পেট্ৰোল পাম্পৰ স্বত্বাধিকাৰী জাহিৰ আব্বাছ বৰভূইয়াৰ । সোণাইৰ ধনেহৰি আৰু সাতকাৰকান্দি অঞ্চলৰ একাংশ কৃষকে এই তথ্য সংবাদ মাধ্যমৰ আগত তুলি ধৰে। তেওঁলোকে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ এছ.এম.এ.এম আঁচনিৰ হিতাধিকাৰীৰ তালিকাত “শান্তি এএছজিৰ” সভাপতি হিচাপে মানৱ সিংহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও “কৃষি হিত্য এএছজিৰ” হৈ আউধেশ কুমাৰ সিংহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। “কৃষক কল্যাণ সন্থাৰ” হৈ জাহিৰ আব্বাছ বৰভূইয়াৰ নামৰ পেট্ৰোল পাম্পৰ স্বত্বাধিকাৰীৰ নাম আছে এই তালিকাত । কৃষক সকলৰ অভিযোগ মতে এই সুবিধাবাদী সকলে নিজৰ মানুহক লৈ সংগঠন সৃষ্টি কৰি ৯৫ শতাংশ বিনামূলীয়া চাৰি চকীয়া ট্ৰেক্টৰ লাভ কৰিছে। এই ঘটনাক লৈ ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ কৃষক সকলৰ অনুৰোধ শীঘ্ৰেই এই তালিকাখন বাতিল কৰিব লাগে।

Leave A Reply

Your email address will not be published.