বিহপুৰীয়া নাৰায়ণপুৰ ব্ল’ক তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

0

ডাম্পাৰ আৰু মৃতদেহ কঢিয়াই অনা এম্বুলেন্সৰ মাজত আজি পুবা সংঘটিত হয় ভয়ংকৰ মুখামুখি সংঘৰ্ষ ৷এটি শিশু সহ ৫ জন লোক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাটোত ৷সংকটজনক অৱস্থাত আটাইকেইজন লোকক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷আহত ব্যক্তি কেইজন ক্ৰমে মালা মণ্ডল,বাপুতি মণ্ডল,ৰঞ্জন দেৱনাথ বুলন দে আৰু এটি ৫ বছৰীয়া শিশু।তেজপুৰৰ Time’s Medical ৰ পৰা নাৰায়ণ সৰকাৰ নামৰ লোক জনৰ মৃতদেহ লৈ লখিমপুৰ অভিমূখে আহি আছিল AS 01-BY-0131 নম্বৰৰ এম্বুলেন্স খন।বিপৰীত দিশৰ পৰা আহি থকা AS 07-AC-4840 নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰ খনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এম্বুলেন্স খনৰ ৷দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে এম্বুলেন্স খনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হৈ পৰে।আহত কেইজনৰ ঘৰ লখিমপুৰৰ গোপীনগৰত বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.