সমাগত চামগুৰি বিধানসভা সমষ্টিৰ উপনির্বাচন। শাসক, বিৰোধী সকলো নিজৰ নিজৰ নিৰ্বাচনী বৈতনী চলাই গৈছে, পিছপৰা ৰৈ থকা নাই নগাঁও জিলা তৃণমূল কংগ্ৰেছো।

0

সমাগত চামগুৰি বিধানসভা সমষ্টিৰ উপনির্বাচন। শাসক, বিৰোধী সকলো নিজৰ নিজৰ নিৰ্বাচনী বৈতনী চলাই গৈছে, পিছপৰা ৰৈ থকা নাই নগাঁও জিলা তৃণমূল কংগ্ৰেছো।

হয় চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ কি বিজেপি, কি কংগ্রেছ, সকলো নিজৰ নিজৰ ৰাজনৈতিক মতাদর্শ পালন কৰি গৈছে, আৰু চামগুৰি বিধানসভা সমষ্টিত উপনিৰ্বাচনত শাসক বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ জো যা চলাইছে। আৰু তাৰমাজতেই ইফালে দেখা গৈছে যে নগাঁও জিলা তৃণমূল কংগ্রেছৰ আন এক ব্যতিক্রমী ছবি , যোৱা ২২ ছেপ্তেম্বৰ তাৰিখে চামগুৰি সমষ্টিৰ মাগুৰমাৰী গাওঁ পঞ্চায়তৰ শ’লমাৰী গাঁৱত ইনামূল হকৰ তৎপৰতাত নগাঁও জিলা তৃণমূল কংগ্রেছৰ সভাপতি ময়ুৰ মজুমদাৰৰ উপস্থিতিত প্ৰায় শতাধিক কংগ্ৰেছী তৃণমূল কংগ্রেছত যোগদান কৰে। তেওঁলোকে উন্নয়ন বিচাৰি, পৰিবৰ্তন বিচাৰি স্বইচ্ছাকৃতভাৱে তৃণমূল কংগ্রেছ দলত যোগদান কৰে, য’ত জেষ্ঠ্য বয়োজ্যেষ্ঠ , কণিষ্ঠ, যুৱ সমাজে তৃণমূল কংগ্রেছ জিন্দাবাদ, মমতা দিদি জিন্দাবাদ, নগাঁও জিলা তৃণমূল কংগ্রেছ জিন্দাবাদ, ময়ুৰ মজুমদাৰ জিন্দাবাদ ধ্বনিৰে শ’লমাৰীৰ আকাশ বতাহ কপাই তুলে। ৰাইজৰ উচাহ- উদ্দীপনা দেখি বোধ হয় যে সমাগত চামগুৰি বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত হয়তো তৃণমূল কংগ্রেছৰ প্ৰাৰ্থীয়ো ভূমূকি মাৰিব পাৰে। লগতে অসম তৃণমূল কংগ্রেছৰ পৰাও চামগুৰি বিধানসভা উপনিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নগাঁও জিলা তৃণমূল কংগ্রেছৰ এই বিশেষ তৎপৰতাই শাসক বিৰোধীৰ মাজত খলখনিৰ সৃষ্টি কৰিব পাৰে , হয়তো ৰাইজে বিচাৰিলে চামগুৰিৰ উপনিৰ্বাচনৰ ঢৌ বেলেগফালে গতি কৰিব পাৰে। ৰাজনৈতিক দৃশ্যপট কি হ’ব সেয়া পৰবৰ্তী সময়তহে হ’ব গুৰুত্বপূৰ্ণ বিষয়।

Leave A Reply

Your email address will not be published.