কাছাৰত দ্ৰুত গতিত বৃদ্ধি পাই আছে লভ জেহাদৰ ঘটনা
কাছাৰত দ্ৰুত গতিত বৃদ্ধি পাই আছে লভ জেহাদৰ ঘটনা । যোৱা দু মাহত ৯ টা লভ জেহাদৰ গোচৰ ৰুজু হৈছে কাছাৰৰ বিভিন্ন আৰক্ষী চকীত । ৯ টা গোচৰ ৰুজু হোৱা বাদ দি আৰো বহু লভ জেহাদৰ ঘটনা সংগঠিত হৈছে । লাজ আৰু সামাজিক সম্মানৰ ভয়তে বহু অভিভাবকে গোচৰ ৰুজু কৰা নাই । দেখিব লৈ গলে প্ৰতিটো লভ জেহাদৰ শিকাৰ কেবল কিশোৰি সকল । শিলচৰত সংবাদ মেল কৰি এই তথ্য সদৰি কৰিলে বিশ্ব হিন্দু পৰিষদৰ শিলচৰ বিভাগীয় সম্পাদক মিঠুন নাথে । তেওঁ কলে অসমত হিন্দুক সংখ্যা লঘু কৰাৰ ষড়যন্ত্ৰ চলাই আছে এটা বৃহৎ নেটৱৰ্কে ।ভিএইচপিৰ দক্ষিণ পূৰ্ব প্ৰান্তৰ সভাপতি শান্তনু নায়েকৰ বক্তব্য বাংলাদেশত হাসিনা চৰকাৰ পতনৰ পাছত বৰাক সহগোটে অসমত জেহাদিৰ তৎপৰতা বৃদ্ধি পাইছে । বৃদ্ধি পাইছে লভ জেহাদৰ ঘটনা । বৰাকত জেহাদি সংগঠনৰ বহু স্লিপাৰ সেল আছে । বাংলাদেশ মৌলবাদীৰ দখলত যোৱাৰ পাছত বৰাকত স্লিপাৰ সেল সক্ৰিয় হৈ উঠিছে ।