কামৰূপৰ বংশৰৰ ভেলামাৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

0

নৌকা বিহাৰক লৈ অসম আৰক্ষীৰ এগৰাকী পৰিদৰ্শক আৰু অন্য এটা পৰিয়ালৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা । দেওবাৰে বংশৰৰ পৰা এটি পৰিয়াল গৈছিল ভেলামাৰিলৈ। কলাজল নৈৰ পাৰত বনভোজ খোৱাৰ লগতে পৰিয়ালটোৱে নৌকা বিহাৰ কৰে।নৌকা বিহাৰ কৰি থকাৰ মাজতে বিক্ৰম বসুমতাৰী আৰু বংশৰৰ আৰক্ষী বিষয়া পৰিদৰ্শক অভিজিৎ কাকতিৰে প্ৰথমে বাকযুদ্ধ পিছত এইলৈ এক মিৰপিটৰ ঘটনা সংঘটিত হয় ।প্ৰৱল প্ৰতাপী আৰক্ষী বিষয়া গৰাকী‌ৰ আক্রমণত বিক্ৰম বসুমতাৰীৰ লগতে মহিলাসহ আন এগৰাকী কিশোৰী আঘাত প্ৰাপ্ত হয় । এই অভিযোগ ভূক্তভোগী পৰিয়ালটোৰঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালটোৰ।অভিজিৎ কাকতিক শুৱালকুছি আৰক্ষীয়ে ৰাজ আতিথ্য দি ঘৰলৈ যাবলৈ দিয়ে বুলি জানিব পৰা গৈছে । ইয়াৰ বিপৰীতে বিক্ৰম বসুমতাৰীক জেললৈ প্ৰেৰন কৰে ।অভিজিৎ কাকতিৰ বিৰুদ্ধে ব্যৱস্থা লৱলৈ শুৱালকুছি আৰক্ষীয়ে কিয় সাহস নকৰিলে তাক লৈ ভূক্তভোগী পৰিয়ালটোৱে প্ৰশ্ন কৰিছে ।

Leave A Reply

Your email address will not be published.