টিহুত শোকাবহ পথ দুৰ্ঘটনা
টিহুত শোকাবহ পথ দুৰ্ঘটনা । টিউচনলৈ গৈ থাকোতে স্কুটি সহ নলাত পৰি মুত্যু এগৰাকী ছাত্ৰীৰ । ছাত্ৰী গৰাকীৰ নাম ভাস্বতি কলিতা । টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ নৱম মান শ্ৰেণীৰ ছাত্ৰী ভাস্বতি।টিহুৰ ৩ নং ৱাৰ্ডত সংঘটিত হয় এই দুৰ্ঘটনা । ৰণাকুছি হেলচাপাৰা’ৰ বাপন কলিতাৰ কন্যা ভাস্বতী পুৱা টিউচনৰ পৰা উভতাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় । AS-14-N-1102 । নম্বৰৰ স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰী গৰাকী নলাত সোমাই পৰে ।পিছত তেওঁক নলাৰ পৰা উদ্ধাৰ কৰি নলবাৰীলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁৰ কৰুণ মৃত্যু ঘটে