ৰাণীৰ কাৰ্মেল স্কুলত গো-মাংসকলৈ উত্তাল প্ৰতিবাদ অভিভাৱকৰ।
এইবাৰ গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ কাৰ্মেল স্কুলত গো-মাংসক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে বিদ্যালয়ৰ চৌহদত। হিন্দু ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ পৰাই যোগান ধৰে গো মাংস। প্ৰিন্সিপালৰ ভুমিকাত সৰৱ শতাধিক অভিভাৱক।এই স্কুলতেই যোৱা ১৯ তাৰিখে সপ্তম শ্ৰেণীৰ হিন্দু ছাত্ৰ-ছাত্ৰীক একে স্কুলৰেই মণিপুৰি ছাত্ৰ-ছাত্ৰীয়ে টিফিন টাইমত বলপূৰ্বকভাৱে গো মাংস খুৱায়।পিছত অভিভাৱকসকলে এই কথা গম পোৱাত স্কুল কৰ্তৃপক্ষই ঘটনা গাপ দিয়াৰ চেষ্টা চলায় আৰু ভুক্তভূগি হিন্দু ছাত্ৰ-ছাত্ৰী সকলক দাবী-ধমকিৰে প্ৰিন্সিপালে ঘটনা তল পেলোৱাৰ চেষ্টা চলায়।মংগলবাৰে কাৰ্মেল স্কুলৰ সম্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এইসকল অভিভাৱকে।পিছত অভিভাৱকসকলে ৰাণী আৰক্ষী চকীত ঘটনাসন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।পূৰ্বতেও এই বিদ্যালয়খনকলৈ বহুতো অভিযোগ উত্থাপন হৈ আহিছে।।