বৰাক উপত্যকাৰ সহ উত্তৰ-পূৰ্বাঞ্চলৰ এটা তীৰ্থস্থান হল কাছাৰৰ ভুবন পাহাৰ ।প্ৰতিবছৰ শিবৰাত্ৰিৰ সময়ত লাখ লাখ ভক্তৰ সমাগম হয়l
বৰাক উপত্যকাৰ সহ উত্তৰ-পূৰ্বাঞ্চলৰ এটা তীৰ্থস্থান হল কাছাৰৰ ভুবন পাহাৰ ।প্ৰতিবছৰ শিবৰাত্ৰিৰ সময়ত লাখ লাখ ভক্তৰ সমাগম হয় । তীৰ্থ যাত্ৰী যোৱাৰ বাবে ভুবন পাহাৰত এটা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে ৰাজ্য সৰকাৰে । কিন্তু তাৰ মাজত ৰাজস্থানৰ এগৰাকী ব্যক্তিয়ে অভয়াৰণ্য ইসু লৈ ন্যাশনাল গ্ৰীন ট্ৰাইবুনেলত পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে এটা গোচৰ ৰুজু কৰিছিলে । এনজিটিয়ে এই গোচৰৰ পৰিপ্ৰেক্ষিতত পথ নিৰ্মাণৰ কাম স্থগিত ৰখাৰ বাবে ১৯ সেপ্টেম্বৰ ৰায় দান কৰে । আৰু ৬ ডিসেম্বৰৰ ভিতৰতে ৰিপোৰ্ট দিয়াৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ জাৰি কৰিছে । এনজিটিৰ এই ৰায় দান স্থানীয় ৰাইজৰ মাজৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
তেওঁলোকৰ একমাত্ৰ দাবী যে ভূবন পাহাৰলৈ যোৱা ৯ কিলোমিটাৰ পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হবলাগে,
যদিও ইতিমধ্যে ৪ কিলোমিটাৰ পথৰ কাম সম্পূৰ্ণ হৈছে l যদিহে তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে অনাগত দিনত তেওঁলোকে বৃহত্তৰ আন্দোলনত নামিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে স্থানীয় ৰাইজে l