এগৰাকী হিন্দু মহিলাক শেষ বিদায় দি শোকত ভাগি পৰিছে এটা মুছলমান পৰিয়ালl

0

এগৰাকী হিন্দু মহিলাক শেষ বিদায় দি শোকত ভাগি পৰিছে এটা মুছলমান পৰিয়াল পুত্ৰৰ দৰেই ৰচিদ আলিয়ে মুখাগ্নি কৰিলে হিন্দু মহিলা গৰাকীৰ লখিমপুৰৰ ৰছিদ আলীৰ ঘৰত জ্বলা নাই চৌকা ২২ বছৰ পূৰ্বে পৰিচয় বিহীন এগৰাকী অঘৰী হিন্দু মহিলাক নিজৰ ঘৰত আশ্ৰয় দিয়ে লখিমপুৰৰ এটা মুছলমান পৰিয়ালে। লখিমপুৰৰ লালুকৰ ৰছিদ আলী নামৰ লোকজনে মহিলা গৰাকীক নিজৰ মাতৃৰ দৰে ৰাখি কৰি আহিছিল সেৱা-শুশ্ৰূষা। কিন্তু হঠাৎ মহিলা গৰাকীয়ে কালি শেষ নিশ্বাস ত্যাগ কৰে। মাতৃক হেৰুৱাই শোকত ভাগি পৰে ৰছিদ আলিৰ পৰিয়াল। ৰছিদ আলীয়ে দুই এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে লালুক শ্মাশানলৈ নি অন্তিম সৎকাৰ কৰে মহিলা গৰাকীক। ৰছিদ আলীয়ে পুত্ৰৰ দায়িত্ব পালন কৰি মুখাগ্নি কৰিলে মহিলা গৰাকীৰ। লালুক মছজিদৰ ইমামেও শ্মাশানলৈ গৈ সহযোগ কৰে অন্তিম সৎকাৰত। তথাপিও এইগৰাকী ৰছিদ আলীৰ থাকি গ’ল আক্ষেপ- অন্তিম সৎকাৰৰ সময়ত লালুকৰ হিন্দু সমাজে নকৰিলে বিশেষ সহযোগ। মুষ্ঠিমেয় দুজনমান হিন্দু বন্ধুৰ সহযোগত নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিলে সৎকাৰ। শোকত ভাগি পৰা ব্যৱসায়ী ৰছিদ আলীৰ বাসগৃহত আজি জ্বলা নাই চৌকা। যিসময়ত সমাজখনত সৰু সৰু কথাতে হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰা হয়, তেনে মূহুৰ্ততে এই গৰাকী ৰছিদ আলিয়ে দেখুওৱা মানৱীয়তাক প্ৰশংসা কৰিছে সকলোৱে।

Leave A Reply

Your email address will not be published.